বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ স্ক্ৰিণিং আৰু পৰীক্ষণ সম্পৰ্কীয় ব্যৱস্থাৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে
নিয়মীয়া বাৰ্তা, ২৮ মে’: বিমান চলাচল পুনৰ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত প্ৰতিগৰাকী যাত্ৰীৰে স্ক্ৰিণিং কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ স্ক্ৰিণিং আৰু পৰীক্ষণ সম্পৰ্কীয় সকলো ব্যৱস্থাৰে বিতংভাৱে বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
লগতে, বিমানবন্দৰত নিয়োজিত হৈ ক’ভিড-১৯ৰ বিৰুদ্ধে সন্মুখৰপৰা যুঁজি থকা চিকিৎসক, স্বাস্থ্যকৰ্মীকে ধৰি ক’ৰোণা যোদ্ধাসকলৰ সৈতেও মত বিনিময় কৰে। এই জটিল সময়ত তেওঁলোকে সমাজৰ প্ৰতি আগবঢ়োৱা অনবদ্য সেৱাৰ প্ৰতি আন্তৰিকতাৰে শলাগ লয় মুখ্যমন্ত্ৰী সোণোৱালে।