নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰি মালিবস্তিত উদ্ধাৰ হোৱা হৰিণা পহুৰ মৃত্যু

নিয়মীয়া বাৰ্ত ২৮ মেঃ নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত মালিবস্তিত আজি এটা হৰিনা পহু উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত এক উৎকণ্ঠা সৃষ্টি হয় ৷ জানিব পৰা মতে উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত মালিবস্তিত আজি দুপৰীয়া এটা হৰিণা পহুৱে প্ৰৱেশ কৰাত স্থানীয় একাংশ লোকে উক্ত পহুটো আৱদ্ধ কৰি বন বিভাগক খবৰ দিয়ে ৷পৰৱৰ্তী সময়ত ঘটনাস্থলীত উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ এটা বন কৰ্মী দল উপস্থিত হৈ উক্ত পহুটো উদ্ধাৰ কৰি চামগুৰি পশু চিকিৎসালয়লৈ আনে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে কাজিৰঙালৈ নিয়াৰ পথত পহুটোৰ মৃত্যু হয় বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷আনহাতে উদমাৰী বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়া মতে চামগুৰি পশু চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে কাজিৰঙালৈ নিয়াৰ অৱস্থাত সোনাৰিবালি পাওঁতেই পহুটোৰ মৃত্যু হয় ৷পৰৱৰ্তী সময়ত উক্ত পহুটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুতি থোৱা হয় বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷

You might also like