নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত হোম কোৱাৰেণ্টাইনত থকা ৭ পৰিয়ালক ১০ দিনৰ খাদ্য সামগ্ৰী যোগান

নিয়মীয়া বাৰ্তা ২৮ মেঃ বিশ্বজুৰি সন্ত্ৰাস স্‌ষ্টি কৰা ক’ভিদ ১৯ ৰাজ্যখনতো সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে সোণাৰি চাপৰিত বহিঃৰাজ্যৰ পৰা আহি হোম কোৱাৰেণ্টাইনত থকা ৭ পৰিয়ালৰ মাজত প্ৰশাসনৰ জৰিয়তে ১০ দিনৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰা হয় ৷ ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ গোহাঁই মৌজাৰ লাট মণ্ডল বিপুল বৰাই যোৱা ২৭ মেত প্ৰতিকুল বতৰকো নেওচি সোণাৰি চাপৰি গাওঁপঞ্চায়তৰ অন্তৰ্গত বৰবাৰী, ৰাওনাবাৰী, গৰুখুটি কছাৰী আৰু কেকুঁৰি কছাৰীৰ গাওঁ সমুহৰ ঘৰে ঘৰে গৈ হোম কোৱাৰেণ্টাইনত থকা পৰিয়াল কেইটাৰ মাজত চাউল , দাইল আদি খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ বহিঃ ৰাজ্যৰ পৰা অহা উক্ত লোক সকলক পোনে পোনে কোৱাৰেণ্টাইন চেণ্টাৰত নাৰাখি এৰাতিৰ বাবে নিজৰ নিজৰ ঘৰত ৰাখি পিছত কোৱাৰেণ্টাইন চেণ্টাৰলৈ নিয়াৰ বাবেই পৰিয়াল কেইটা হোম কোৱাৰেণ্টাইনত থাকিব লগা হয় ৷

You might also like