নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড আক্ৰান্তৰ স্পৰ্শলৈ অহা চাৰিজনক ছিপাঝাৰত কোৱাৰেণ্টাইন

চিকিৎসালয় চৌহদত আতংকময় পৰিবেশ:উন্মুক্ত হৈ আছে ক'ভিড স্পৰ্শলৈ অহা বাহন

নিয়মীয়া বাৰ্তা ২৮ মেঃ ক’ভিড-১৯আক্ৰান্তৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা চাৰিগৰাকীকৈ লোকক ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোৱাৰেণ্টাইন কৰাক লৈ আতংক‌ই বিৰাজ কৰিছে সমগ্ৰ চিকিৎসালয় চৌহদত।উল্লেখযোগ্য যে দৰঙত কালি চিনাক্ত হোৱা নিজামুদ্দিন আলি নামৰ লোকজনৰ স্পৰ্শলৈ অহা খলিল আলি,আমিন আলি,ফৰছিদ আলম আৰু বৰেণ্য কলিতা নামৰ চাৰিজনকৈ লোকক যোৱা নিশা ছিপাঝাৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থকা কোৱাৰেণ্টাইন কক্ষত ভৰ্তি কৰোৱা হয়।ইয়াৰে বৰেণ্য কলিতা এগৰাকী গাড়ী চালক।উক্ত লোকজনৰ গাড়ী ভাড়া কৰিয়েই দলগাও -খাৰুপেটীয়াৰ চাৰিজন যূৱক গুৱাহাটীৰ পৰা আহি আছিল যদিও নাটকীয় ভাবে ছিপাঝাৰত কোৱাৰেন্টাইনত ভৰ্তি হবলগীয়া হয়। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ ফেৰৎ দৰঙৰ চাৰিওগৰাকী যূৱক আৰু ক’ভিড আক্ৰান্ত নিজামুদ্দিন বিগত ২২মেৰ পৰা গুৱাহাটীৰ তিৰুপতি ভৱনত কোৱাৰেণ্টাইনত আছিল ।কিন্তু আশ্চৰ্যজনক ভাবে কালি এ এচ ০১ এইচ-চি ৮৭২৭ নম্বৰৰ এখন গাড়ীত গৃহাভিমূখী হ‌ওতেই আৰক্ষীয়ে ছিপাঝাৰত আটক কৰে আটাইকে।চিকিৎসক-আৰক্ষীৰ ভাষ্য মতে ক’ভিড- ১৯ আক্ৰান্ত বেছিমাৰীৰ নিজামুদ্দিন আলিৰ লগত একেলগে আহিছিল আটাইকেইগৰাকীও।

গৃহ অভিমুখে আহি থকা অৱস্থাতে নিজামুদ্দিনৰ ক’ভিড আক্ৰান্ত তথ্য আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ হাতলৈ অহাত অনুসন্ধান কৰি আদবাটতে আটাইকে জিম্মালৈ আনে।ইয়াৰে ক’ভিড আক্ৰান্ত নিজামুদ্দিনক মঙলদৈ অসামৰিক চিকিৎসা লয়ত ভৰ্তি কৰোৱা লগতে চালক সহ বাকী কেইজনক ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰা হয়।কিন্তু ক’ভিড আক্ৰান্ত যূৱক কেনেকৈ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ওলাই আহিব পাৰিলে সেয়াও হৈ পৰিছে লক্ষণীয়।কোৱাৰেণ্টাইন কেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থাক লৈও উঠিছে প্ৰশ্ন।ইফালে ক’ভিড আক্ৰান্তৰ প্ৰত্যক্ষ স্পৰ্শলৈ অহা চাৰিজনকৈ লোকক ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ পিছত এক আতংকময় পৰিবেশ বিৰাজ কৰিছে চিকিৎসালয় চৌহহদত।কিয়নো চিকিৎসালয় খনৰ কোৱাৰেণ্টাইন কেন্দ্ৰটি চিকিৎসালয়খনৰ লগত সংযুক্ত।একোটা চৌহদটো হয়েই কোঠাটিও সংলগ্ন মূল বহিঃ বিভাগ বা আন্তঃ বিভাগৰ লগত।তদুপৰি উক্ত যুৱককেইজনে যিখন গাড়ীত ভ্ৰমণ কৰিছিল সেই গাড়ীখনো চিকিৎসা লয়খনৰ চৌহদৰ ভিতৰত সততে চলাচল হৈ থকা স্থান এডোখৰত মুকলি ভাবেই ৰখাই থোৱা আছে।স্বাস্থ্য বিভাগৰ এই কাৰ্যৰ বাবে আনকি অন্যান্য ৰোগৰ বাবে চিকিৎসা লয় যোৱা লোক সকলো আতংকিত হৈ পৰিছে।লক্ষণীয় যে পূৰ্বৰে পৰা চিকিৎসা লয়খনৰ কোৱাৰেনটাইনত থকা তিনিগৰাকী সহ বৰ্তমান সাতজন লোক আছে।আনহাতে ছিপাঝাৰৰ দুনী আদৰ্শ চিকিৎসালয়ত ১ জন,ছিপাঝাৰ মহাবিদ্যালয়ৰ ছাত্রী নিবাসত ৯ জন, ছিপাঝাৰ বি, এড কলেজত ২৫ জন লোক আছে কোৱাৰেণ্টাইনত।

You might also like