যোগীঘোপাৰ চটপাৰাত ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াঃ আতংকিত নৈ পৰীয়া ৰাইজ
প্ৰতিৰোধ ৰ নামত কেৱল লুণ্ঠনহে চলিল
নিয়মীয়া বাৰ্তা ২৮ মেঃ বিগত কিছুদিন ধৰি মুষলধাৰ বৰষুণৰ ফলত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নৈ আৰু ইয়াৰে উপনৈ ওফন্দি উঠিছে । ফলত বিভিন্ন অঞ্চলত বানপানী হোৱাৰ লগতে খহনীয়াৰো সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰ নৈৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাত যোগীঘোপাৰ চটপাৰা গাঁৱত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে । নৈৰ প্ৰৱল গৰাখহনীয়াই ত্ৰস্তমান কৰি তুলিছে নৈপৰীয়া ৰাইজক । চটপাৰা গাঁৱত ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়া পৰা দ্ৰুত গতিত বৃদ্ধি পোৱাত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে।ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত প্ৰায় দুশ বছৰ পুৰণি চটপাৰা গাঁওখন নৈৰ বুকুত বিলিন হোৱাৰ উপক্ৰম হৈছে ।নৈখনৰ দাঁতিকাষৰীয়া চটপাৰা আৰু কৰেয়া দ্বিতীয় খণ্ড গাঁৱৰ প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ বাসগৃহ নৈ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাৰ ফলত নিদ্ৰাহৰণ হৈছে পৰিয়াল কেইটাৰ । আনহাতে গাঁৱখনত থকা মছজিদ ঘৰ, বিদ্যালয় গৃহ, চটপাৰা বজাৰ নৈৰ বুকুত জাহ যাবলৈ মাত্ৰ কেইমিটাৰ মানহে বাকী আছে । উল্লেখ্য যে,বিগত বাৰিষাত ব্ৰহ্মপুত্ৰ নৈ কালৰূপ ধাৰণ কৰাত ইতিমধ্যে নৈৰ বুকুত শতাধিক পৰিয়ালৰ বাসগৃহ – ভেটিমাটি ,শ শ বিঘা কৃষি ভূমি,বিদ্যালয়গৃহ নৈৰ বুকুত জাহ গৈছে ।ব্ৰহ্মপুত্ৰ নৈৰ প্ৰবল খহনীয়াত ইতিমধ্যে যোগীঘোপা কৰেয়া সংযোগী এটি অতি পুৰণি পথো নৈৰ বুকুত জাহ যায় । ফলত উক্ত পথৰে যাতায়ত ব্যাহত হৈ পৰিছে । বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ নৈৰ প্ৰবল খহনীয়া অব্যাহত থকা পিছতো আজিকোপতি চৰকাৰ তথা বিভাগীয় কতৃপক্ষই ইয়াৰ স্থায়ী সমাধানৰ কোনো ব্যৱস্হা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।