নিয়মীয়া বাৰ্তা, ২৮ মেঃ ক’ভিড মহামাৰীৰ সময়তে ভাৰতৰ কেইবাখনো ৰাজ্যত এতিয়া ফৰিঙে দুর্ভিক্ষৰ আগজাননী দিছে৷ পাকিস্তানৰ পৰা ভাৰতত আহি প্রৱেশ কৰা অসংখ্য ফৰিঙে ৰাজস্থানৰ বিভিন্ন চহৰত স্বাভাৱিক জীৱনযাত্রা স্তব্ধ কৰিছে৷
ৰাজ্যখনৰ ৰাজধানী জয়পুৰৰ সমীপৱর্তী ৫ লাখ হেক্টৰ কৃষিভূমিৰ শস্য খাই উদং কৰা ফৰিঙৰ তাণ্ডৱত এতিয়া জনসাধাৰণে ঘৰ এৰি নিৰাপদ স্থানলৈ পলায়ন কৰিবলগীয়া হৈছে৷
ক’ৰোনা ভাইৰাছৰ সমান্তৰালকৈ এতিয়া এই ফৰিং হৈ পৰিছে ভাৰতবাসীৰ বাবে নতুন আতংক৷
ইফালে, বিভিন্ন ৰাজ্যত পাৰাস্তম্ভ দ্রুতগতিত ঊর্ধ্বমুখী হোৱাৰ লগে লগে প্রচণ্ড তাপপ্রৱাহে দেশবাসীৰ স্বাভাৱিক জীৱনযাত্রালৈ নমাই আনিছে প্রত্যাহ্বান৷ ইতিমধ্যে ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্র আৰু মধ্যপ্রদেশত এই ফৰিঙে বিস্তৰ ক্ষতি কৰিছে৷ আনকি ফৰিঙৰ তাণ্ডৱ নাশ কৰাৰ ক্ষেত্রত প্রশাসনেও কৃষকসকলক কোনোধৰণৰ সহায় কৰিবলৈ সক্ষম হোৱা নাই৷
চাৰিখনকৈ প্রদেশত কেইবাকোটি ফৰিঙে কৃষি ক্ষেত্রত তাণ্ডৱ সৃষ্টি কৰাৰ সময়তে উত্তৰ প্রদেশলৈ নামি আহিছে নতুন প্রত্যাহ্বান৷ উত্তৰ প্রদেশে ফৰিঙৰ এই তাণ্ডৱৰ মোকাবিলা কৰিবলৈ কৃষি বিভাগক উপায় চিন্তা কৰিবলৈ নির্দেশ দিছে৷
স্মর্তব্য যে পাকিস্তানে চলিত বর্ষৰ আৰম্ভণিতে ফৰিঙৰ উপদ্রৱ প্রতিহত কৰিবলৈ দেশজুৰি জৰুৰী অৱস্থা জাৰি কৰিবলগীয়া হৈছিল৷ ইতিমধ্যে মধ্য প্রাচ্য আৰু ছাহাৰাৰ উপকণ্ঠীয় কেইবাখনো দেশত ফৰিঙৰ বাবেই সৃষ্টি হৈছে ভয়াৱহ খাদ্য সংকট৷