বিশ্বজুৰি নতুনকৈ দুর্ভিক্ষত পৰিব ৮৬ নিযুত শিশু
নিয়মীয়া বাৰ্তা, ২৯ মেঃ প্রাণঘাতী ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীয়ে ভৱিষ্যৎ দিনতো বিশ্বজুৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ শেহতীয়াকৈ ‘ছেভ দ্য চিলড্রেন ইণ্টাৰনেচনেল’ৰ মুখ্য কার্যবাহী বিষয়া ইংগাৰ আছিঙে উল্লেখ কৰিছে যে ক’ভিড–১৯ মহামাৰীৰ বাবে বুভুক্ষাৰ কবলত পৰিব বিশ্বৰ ৮৬ নিযুত শিশু৷ অর্থাৎ এই ঘাতক মহামাৰীয়ে শিশুসকলৰ জীৱনলৈ অধিক ভাবুকি কঢ়িয়াই আনিব৷ দুখীয়া তথা উন্নয়নশীল দেশসমূহৰ পৰিয়ালত নতুনকৈ এই ৮৬ নিযুত শিশু দুর্ভিক্ষৰ কবলত পৰিব৷ স্মর্তব্য যে ইয়াৰ ফলত বর্ষটোৰ শেষত অর্ধাহাৰী শিশুৰ সংখ্যা পৃথিৱীজুৰি ৬৭২ নিযুতলৈ বৃদ্ধি পাব৷ শিশুৰ সুৰক্ষাৰ বাবে থকা সংস্থাটোৰ শেহতীয়া অধ্যয়নত পোহৰলৈ আহিছে এই তথ্য৷ স্মর্তব্য যে মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা এতিয়ালৈকে বিশ্বজুৰি প্রায় ৫৭ লাখ লোক আক্রান্ত হোৱাৰ উপৰি ৩ লাখ ৫৬ হাজাৰে প্রাণ হেৰুৱাইছে৷ আমেৰিকাৰ জন হ’পকিনছ বিশ্ববিদ্যালয়ে এই তথ্য সদৰী কৰিছে৷ ক’ভিড–১৯ মহামাৰীৰ ফলত বিশ্ব অর্থনীতিলৈ আহি পৰিছে মন্দাৱস্থা৷ ইয়াৰ ফলত দুর্ভিক্ষ কবলিত শিশুৰ সংখ্যা ১৫ শতাংশ বৃদ্ধি পাব৷ স্মর্তব্য যে ছেভ দ্য চিলড্রেন আৰু ৰাষ্ট্রসংঘৰ শিশু সংস্থা ইউনিচেফে যৌথভাৱে ক’ভিড–১৯ৰ সংকট আৰম্ভ হোৱাৰ সময়ৰে পৰা এই বিষয়ত অধ্যয়ন চলাই আছে৷ দুয়োটা সংস্থাই উল্লেখ কৰিছে যে মাৰাত্মক মহামাৰীৰ অন্ত পৰিলেও পৃথিৱীজুৰি দুর্ভিক্ষ কবলিত শিশুসকল বিভিন্ন ৰোগত আক্রান্ত হ’ব৷ গতিকে পৃথিৱীজুৰি ক’ভিড–১৯–এ সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মাজত এক ভৱিষ্যৎ প্রজন্ম যাতে বুভুক্ষাৰ কবলত পৰিব লগা নহয় এই বিষয়টোত সকলো দেশে গুৰুত্ব প্রদান কৰিব লাগিব বুলিও দুয়োটা সংস্থাই দাবী কৰিছে৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰাও ক’ভিড–১৯ৰ ফলত সৃষ্টি হ’ব পৰা দুর্ভিক্ষক প্রতিহত কৰিবলৈ বিভিন্ন মানৱীয় সাহায্য আঁচনি প্রস্তুত কৰিব লাগে বুলি বাৰে বাৰে ঘোষণা কৰি অহা হৈছে৷