নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

হোম কোৱাৰান্টাইনত অধিক কঠোৰ হ'বলৈ নিৰ্দেশ প্ৰশাসনক

নিয়মীয়া বাৰ্তা ২৯ মেঃ “দৰং জিলাত পাঁচ হাজাৰ ব্যক্তি হোম কোৱাৰেন্টাইনত আছে । হোম কোৱাৰান্টাইন ব্যৱস্থাটো যাতে আৰু অধিক কটকটীয়া হয় আৰু তেওঁলোকক চৰকাৰে আগবঢ়োৱা সহায়খিনিও যাতে ব্যক্তিসকলে পায় আৰু লগতে হোম কোৱাৰেন্টাইনত ৰখা কোনো ব্যক্তি কোনো কাৰণতে যাতে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰে, তাৰ বাবে প্ৰশাসনে অধিক কঠোৰ ব্যৱস্থা ল’ব লাগিব ” – অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে মঙলদৈৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ বিষয়-ববীয়াসকলৰ লগত এক আলোচনাত মিলিত হোৱাৰ পিছত এই মন্তব্য কৰে । স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, দৰঙৰ ক’ভিড নিয়ন্ত্ৰণৰ দায়িত্বৰত মন্ত্ৰী ভৱেশ কলিতা, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ কুমাৰ শইকীয়া, মঙলদৈ আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক ক্ৰমে গুৰুজ্যোতি দাস আৰু বিনন্দ কুমাৰ শইকীয়াৰ উপৰি স্বাস্থ্য বিভাগৰ কেইবাজনো উচ্চ পদস্থ বিষয়াসহ মন্ত্ৰীজনে দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, আৰক্ষী অধীক্ষক অমৃত ভূঞা, অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাকে ধৰি প্ৰশাসনৰ বিষয়াসকলৰ লগত আৱৰ্ত ভৱনত আলোচনাত মিলিত হয় আৰু হ’ম কোৱাৰেণ্টাইনৰ বিষয়টোত তীক্ষ্ণ নজৰ ৰাখিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে।

আনহাতে, সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্ৰীজনে কয় যে মঙলদৈ অসামৰিক চিকিৎসালয়খনত ১৫ খন বিচনাযুক্ত এটা আই চি ইউ কক্ষ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন হৈ আছে যদিও বৰ্তমানৰ ক’ভিড-১৯ ৰ ভয়াৱহ পৰিস্থিতিত সদ্যহতে সেই কাম আৰম্ভ কৰিব পৰা নাযাব। জিলাখনৰ তিনিখন মডেল হাস্পতালত ডেৰশ খন বিচনা প্ৰয়োজন হ’লে ব্যৱহাৰৰ বাবে পৃথককৈ ৰখা বুলি তেওঁ লগতে মন্তব্য কৰে। উল্লেখযোগ্য যে, ক’ভিড-১৯ ৰ সম্পৰ্কত দুদিনীয়া ভ্ৰমণসূচীৰে মন্ত্ৰীজনে মঙলদৈৰ পিছত ওদালগুৰি আৰু শোণিতপুৰ জিলা ভ্ৰমণ কৰিব।

You might also like