নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ দৌলাশাল-লাৰকুছিত গৰাখহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থা পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৩০ মে’: ক’ভিড-১৯ ৰ জটিল সময় আৰু প্ৰতিকূল বতৰৰ মাজতে বিভিন্ন প্ৰত্যাহ্বান নেওচি ৰাজ্য চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আজি নলবাৰী জিলাৰ দৌলাশাল-লাৰকুছি অঞ্চলত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰৰ সমীপৰ এটা মথাউৰি পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰ বুজ লয়।

এইক্ষেত্ৰত যুদ্ধকালীন তৎপৰতাৰে মথাউৰিৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ তেখেতে বিষয়াসকলক নিৰ্দেশ দিয়ে।

You might also like