নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিং পাটকাই ধ্বংস কৰি চৰকাৰে চলাব নিদিয়ে কয়লা খনন; অনুমতি অবিহনে খনন চলোৱা ক’ল ইণ্ডিয়াক ৪৩ কোটি জৰিমনা, ২৪ বন বিষয়াক শ্ব’কজ

নিয়মীয়া বার্তা, ৩১ মে’: ৰাজ্যখনত বৈধ–বৈধ সকলো ধৰণৰ কয়লা খনন ২০১৯ চনৰ পৰা বন্ধ হৈ আছে৷ দিহিং পাটকাইকে ধৰি কোনো বনাঞ্চলতে চৰকাৰে কোনো পৰিস্থিতিতে পৰিৱেশ আৰু বন ধ্বংস কৰি কয়লা খনন চলাব নিদিয়ে৷ এই ঘোষণা ৰাজ্যৰ বনমন্ত্রী পৰিমল শুক্লবৈদ্য আৰু উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ৷ আজি অসম প্রশাসনীয় প্রদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন যুটীয়া সংবাদ মেলত মন্ত্রী শুক্লবৈদ্য আৰু পাটোৱাৰীয়ে কয় যে দিহিং পাটকাই বন্যপ্রাণী অভয়াৰণ্য অঞ্চলত প্রয়োজনীয় অনুমতি অবিহনে বন সংৰক্ষণ আইন, ১৯৮০ অমান্য কৰি ২০০৩ চনৰ পৰা ২০১৩ চনলৈ কয়লা খনন চলোৱাৰ বাবে অসম চৰকাৰে মেছার্ছ কল ইণ্ডিয়া লিমিটেডক ৪৩.২৪ কোটি টকাৰ জৰিমনা বিহিছে৷

অৱশ্যে ক’ল ইণ্ডিয়াই এতিয়াও জৰিমনাৰ ধন আদায় দিয়া নাই৷ তদুপৰি সেই সময়ছোৱাত দিহিং পাটকাইত কর্মৰত বন বিভাগৰ ২৪গৰাকী বিষয়ক শ্ব’কজ কৰা হৈছে৷ ২০১৯ চনৰ পৰা ৰাজ্যখনত বৈধ–বৈধ সকলো ধৰণৰ কয়লা খনন বন্ধ ৰখাৰ কথা উল্লেখ কৰি মন্ত্রী শুক্লবৈদ্য আৰু পাটোৱাৰীয়ে কয় যে কেতিয়াবা কোনোবাই যদি চোৰাংকৈ কয়লাৰ সৰবৰাহ কৰিছে, সেইসকলক চৰকাৰেই ধৰিছে৷ বন বিভাগ, আৰক্ষীয়ে ধৰিছে৷ কয়লাৰ চোৰাং বেহা সম্পর্কত চি আই ডিৰ তদন্তও চলি আছে৷ ৰাজপত্রিত বিষয়াও গ্রেপ্তাৰ হৈছে৷

এই প্রসংগতে মন্ত্রী পাটোৱাৰীয়ে কয় যে অসমত বর্তমান অবৈধ কয়লা খনন চলি আছে বুলি তেওঁ নাভাবে৷ ৰাজ্যখনত যি কয়লাৰ সৰবৰাহ চলি আছে, সেয়া মেঘালয়, অৰুণাচল প্রদেশ, নাগালেণ্ড আদিৰ পৰা অহা৷ উত্তৰ অসমৰ চাহ উদ্যোগৰ কাৰখানা আৰু নামনি অসমৰ ইটাভাতা চলাবলৈ লকডাউনৰ সময়ছোৱাত প্রশাসনৰ অনুমোদনমর্মে সেই কয়লাৰ সৰবৰাহ কৰা হৈছে৷ সেই কয়লা অসমত খনন কৰি উলিওৱা কয়লা নহয়৷ অসমৰ লিডুত ভাৰত চৰকাৰৰ ৰাজহুৱা প্রতিষ্ঠান ক’ল ইণ্ডিয়া লিমিটেডেহে খনন চলায়৷ অৱশ্যে প্রকাণ্ড অভয়াৰণ্যত ৰাতি যদি কোনোবাই মনে মনে কয়লা খনন কৰিছে, সেয়া চৰকাৰে নাজানে বুলি মন্ত্রী পাটোৱাৰীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে৷

ইপিনে, দিহিং পাটকাই বন্যপ্রাণী অভয়াৰণ্যৰ অন্তর্গত ৯৮.৫৯ হেক্টৰ এলেকাৰ টিকক অ’পেন কাষ্ট প্রজেক্টত মেছার্ছ ক’ল ইণ্ডিয়া লিমিটেডক কয়লা খননৰ অনুমতি প্রদান প্রসংগত মন্ত্রী শুক্লবৈদ্যই কয় যে এই কয়লা খনি ব্রিটিছ শাসনৰ সময়ছোৱাতে আৱিষ্কাৰ হৈছিল আৰু বিগত দশকসমূহত বিশেষকৈ ১৯৭৩ চনৰ পৰা ক’ল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা এই খনিত কয়লা খনন চলি আহিছে৷ অৱশ্যে কয়লা খননৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডক প্রদান কৰা লীজ ২০০৩ চনত সমাপ্ত হৈছে৷ ২০১৩ চনৰ ২ এপ্রিলত পূর্বৰ ৰাজ্য চৰকাৰে বন (সংৰক্ষণ) আইন, ১৯৮০ৰ অধীনত ২০০৩ চনৰ পৰা ২০১২ চনলৈ চলোৱা কয়লা খননৰex post facto অনুমোদনৰ বাবে তথা সমগ্র ৯৮.৫৯ হেক্টৰ এলেকাত ২০১২ চনৰ পৰা ২০২৩ চনলৈ খননকার্য চলাবলৈ আগতীয়া অনুমোদন প্রদান কৰাৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডে দাখিল কৰা এক প্রস্তাৱ কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰে৷

প্রস্তাৱটোত উল্লেখ কৰা মাটিকালিৰ ৫৭.২০ হেক্টৰ এলেকাত ইতিমধ্যে ২০১২ চনপর্যন্ত খননকার্য চলোৱা হৈছে৷ পূর্বৰ অসম চৰকাৰে প্রেৰণ কৰা এই প্রস্তাৱ কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ৰ ফৰেষ্ট এপ্রাইজেল কমিটীয়ে ২০১৩ চনৰ ১০ জুন তাৰিখে আলোচনা কৰে তথা এই প্রস্তাৱ ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদৰ অনুমোদন সাপেক্ষে অনুমতি প্রদানৰ বাবে পৰামর্শ আগবঢ়ায়৷ সেইমর্মে এই বিষয়টো ৰাজ্যিক বন্যপ্রাণী পৰিষদলৈ প্রেৰণ কৰা হয়৷ ৰাজ্যিক বন্যপ্রাণী পৰিষদৰ অনুমোদনক্রমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ পি চি ভট্টাচার্য, গুৱাহাটী আই আই টিৰ অধ্যাপক ড০ চি মল্লিকার্জুন তথা স্থানীয় বন বিষয়াসকলক লৈ ২০১৫ চনৰ ৮ জুলাই তাৰিখে চৰকাৰে এখন বিশেষজ্ঞ কমিটী গঠন কৰে৷ এই কমিটীয়ে ২০১৬ চনৰ ২১ এপ্রিলত টিকক অ’পেন কাষ্ট প্রজেক্ট পৰিদর্শন কৰি প্রতিবেদন দাখিল কৰে৷ এই প্রতিবেদন অসম চৰকাৰে ৰাজ্যিক বন্যপ্রাণী পৰিষদৰ অনুমোদনমর্মে কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রালয়লৈ ২০১৮ চনৰ ২১ আগষ্টত প্রেৰণ কৰে৷

ইয়াৰ পাছতে ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদে এই প্রস্তাৱ পুনৰ পৰীক্ষা কৰে আৰু পৰিষদে আগবঢ়োৱা পৰামর্শৰ ভিত্তিত বাংগালুৰুৰ আই আই এছ চিৰ অধ্যাপক আৰ সুকুমাৰ আৰু অসমৰ মুখ্য বন্যপ্রাণী ৱার্ডেনক লৈ আন এখন বিশেষজ্ঞ সমিতি গঠন কৰা হয়৷ এই কমিটীয়ে ২০১৯ চনৰ অক্টোবৰত ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদৰ বিবেচনাৰ বাবে নিজৰ প্রতিবেদন জমা দিয়ে৷ ভাৰত চৰকাৰে ২৮টা চর্ত আৰোপ কৰি প্রথম পর্যায়ৰ চর্ত সাপেক্ষ অনুমোদন প্রদান কৰে৷ এই চর্তসমূহ পূৰণ কৰিলেহে ভাৰত চৰকাৰে চূড়ান্ত অনুমোদন প্রদান কৰিব৷ সেই অনুসৰি অসম চৰকাৰে বন (সংৰক্ষণ) আইন, ১৯৮০ অমান্য কৰি কয়লা খনন চলোৱা বাবে মেছার্ছ ক’ল ইণ্ডিয়া লিমিটেডৰ ওপৰত ৪৩.২৪ কোটি টকাৰ জৰিমনা বিহে৷ সংবাদ মেলখনত মন্ত্রী শুক্লবৈদ্যই কয় যে আজিপর্যন্ত টিকক অ’পেন কাষ্ট প্রজেক্টত কয়লা খননৰ বাবে চূড়ান্ত অনুমোদন প্রদান কৰা হোৱা নাই৷ ২০১৯ চনৰ অক্টোবৰ মাহৰ পৰা অসম চৰকাৰৰ দ্বাৰা এই কয়লা খননকার্য বন্ধ কৰা হৈছে৷

মেছার্ছ ক’ল ইণ্ডিয়া লিমিটেড আৰু বন বিভাগে কেন্দ্রীয় চৰকাৰে আৰোপ কৰা ২৮টা চর্ত সম্পূর্ণ কৰিলেহে চর্ত পূৰণৰ প্রতিবেদন দ্বিতীয় পর্যায়ৰ অনুমোদনৰ বাবে কেন্দ্রীয় চৰকাৰৰ ওচৰত দাখিল কৰা হ’ব৷ দ্বিতীয় পর্যায়ৰ অনুমোদনৰ ভিত্তিতহে কয়লা খননকার্য চলাব পৰা যাব৷ তদুপৰি যি অঞ্চলত কয়লা খননৰ বিষয়ক লৈ বিতর্কৰ সূচনা হৈছে, সেই অঞ্চল দিহিং পাটকাই বন্যপ্রাণী অভয়াৰণ্যৰ অন্তর্ভুক্ত নহয়৷ ৰাজ্যৰ বন আৰু পৰিৱেশ সংৰক্ষণৰ বাবে অসম চৰকাৰ সম্পূর্ণৰূপে দায়বদ্ধ৷ ৰাজ্যৰ বনাঞ্চল ধ্বংস কৰি কোনো কাৰণতে কয়লা খননকার্য চলাবলৈ অনুমোদন প্রদান কৰা নহ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷

You might also like