নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন এগৰাকী মমতাময়ী মাতৃ: ক’ভিড–১৯ পজিটিভ ৪ বছৰীয়া পুত্রক পৰিচর্যা মাতৃৰ

নিয়মীয়া বার্তা, ৩১ মে’: ক’ৰোনাৰ আতংকৰ মাজতে মাতৃৰ মমতাৰ আন এক সঁচা কাহিনী পোহৰলৈ আহিছে বিশ্বনাথ জিলাত৷ ৪ বছৰীয়া পুত্র দুৰাৰোগ্য ৰোগত আক্রান্ত৷ তাৰ মাজতে খবৰ আহিল যে কণমানি পুত্রৰ লগতে স্বামী–কন্যাও ক’ৰোনা ভাইৰাছত আক্রান্ত৷

মুম্বাইৰ পৰা ৰে’লযাত্রাৰ অৱসাদ, তাৰ মাজতেই কোৱাৰেণ্টাইন কেন্দ্রটোৰ আপদীয়া খবৰে হতচকিত কৰিলেও অপৰিসীম ধৈর্যৰে চাৰিজনীয়া পৰিয়ালটোৰ কাষত সাহসেৰে থিয় দি পৰম কর্তব্যনিষ্ঠাৰ পৰিচয় দিলে গহপুৰৰ টঙনা গাঁৱৰ ৰিণি বৰা শইকীয়াই৷

নিজৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি নথকাৰ পাছতো দুৰাৰোগ্য ৰোগত ভোগা পুত্রৰ আপদালৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইছ’লেচন ৱার্ডত এতিয়া ব্যস্ত ৰিণি বৰা শইকীয়া৷ বিগত প্রায় ১০ মাহতকৈ অধিক দিন ধৰি মুম্বাইৰ চি এম টি হাস্পতালত নিজ পুত্রক চিকিৎসা কৰোৱাত ব্যস্ত আছিল মাতৃ ৰিণি৷ আনকি ৰিণিয়ে দীর্ঘদিন চিকিৎসাৰ পাছত সুস্থ হৈ উঠা পুত্রক ঘৰলৈ আনিবলৈও সাজু হৈছিল৷

লকডাউন ঘোষণা হোৱাৰ পূর্বে পত্নী আৰু পুত্রক আনিবলৈ মুম্বাইত উপস্থিত হৈছিলগৈ পতি মাখন শইকীয়া আৰু ৬ বছৰীয়া কন্যা৷ ইয়াৰ পাছতে মুম্বাইতে আবদ্ধ হৈ পৰে পৰিয়ালটো৷ মুম্বাইত পুত্র সুস্থ হৈ উঠাত যোৱা ২৩ মে’ত মুম্বাইৰ পৰা শ্রমিক ৰে’লযোগে গুৱাহাটীত উপস্থিত হোৱা মাখন শইকীয়াৰ পৰিয়ালটোক বিশ্বনাথৰ এছ আই আৰ ডি কোৱাৰেণ্টাইন কেন্দ্রত ৰখা হয়৷ বিশ্বনাথতে ছোৱাব সংগ্রহৰ পাছত যোৱানিশা মাখন শইকীয়াৰ পৰিয়ালটোৰ তিনিজনৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে৷ আক্রান্ত পুত্রৰ পৰিচর্যাত ত্রুটি নহ’বলৈকে মহামাৰী আক্রান্তৰ লগত সহবাস কৰিবলৈ মন বান্ধিছে ৰিণিয়ে৷ মৃত্যুভীতিয়ে ৰিণিৰ পুত্রপ্রেমক অৱশ্যেই বাধা দিব পৰা নাই৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইছ’লেচন ৱার্ডৰ তিনিখন বিছনা ইতিমধ্যে মাখন শইকীয়াৰ পৰিয়ালটোৰ বাবে নির্ধাৰিত কৰা হৈছে৷ যোৱা ১০ মাহ ধৰি যাযাবৰী জীৱন কটোৱা ৰিণি শইকীয়াৰ সন্মুখত এতিয়া স্বাস্থ্যজনিত দুটাকৈ প্রত্যাহ্বান৷

এটা পুত্রৰ দুৰাৰোগ, আনটো ক’ৰোনা ভাইৰাছৰ সংক্রমণ৷ তাৰ লগতে নিজৰ স্বাস্থ্যৰ কথাও আছে৷ কিন্তু ইয়াৰ পাছতো স্থিতপ্রজ্ঞৰ দৰে বিপদৰ মুখামুখি হ’ব পৰাৰ সাহস থকা ৰিণিৰ পুত্রপ্রেম সঁচাকৈ অতুলনীয়৷ মৃত্যু জিনাৰ ৰণখনত অৱশ্যে ৰিণিয়েই জয়ী হ’ব বুলি আশাবাদী জিলাবাসী৷ ৰিণি শইকীয়াৰো আশা– পৰিয়ালটো আৰোগ্য হৈ উঠিব, তেওঁলোক সুকলমে যাব আপোন ঘৰখনলৈ৷

You might also like