নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰাউন ছুগাৰসহ খটখটী আৰক্ষীৰ জালত ৩ ড্ৰাগছ ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ৩১ মেঃ এক গোপন সূত্ৰৰ পম খেদি কালি খটখটী আৰক্ষীয়ে ১৪ গ্ৰাম ব্ৰাউন ছুগাৰসহ ৩ টা ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

ঘটনা অনুসৰি, খটখটী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মৃদুল ৰুদ্ৰ পাল আৰু কাৰাগাঁও উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰুণ কুমাৰ নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অসম-নাগালেণ্ড সীমান্তৰ বালিজানৰ খান বস্তিৰ নিজাম উদ্দিন নামৰ এজন লোকৰ ঘৰত হঠাতে অভিযান চলায় ।

এই অভিযানকালত বান্দৰদোৱাৰ বাসিন্দা আব্দুল ৰহমান আলী, ডিফুৰ হৰিলাল বস্তিৰ জেমছন ইংলেং আৰু নাগালেণ্ডৰ লাখুটিৰ জাৰেনথাং য়ানথান নামৰ তিনিটা ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰে ।

লগতে জেমছন ইংলেং পৰা আৰক্ষীয়ে ১৪ গ্ৰাম ব্ৰাউন ছুগাৰ, ৰছিদুল আলীৰ পৰা ৪৫ হাজাৰ টকাৰ লগতে দুটাকৈ মোবাইল হেণ্ডচেট জব্দ কৰে ।

ইতিমধ্যে লোককেইজনৰ বিৰুদ্ধে খটখটী থানাত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
আনহাতে বালিজানৰ খান বস্তিৰ নিজাম উদ্দিন নামৰ লোকজনৰ পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ।

You might also like