নিয়মীয়া বাৰ্তা ১ জুনঃ অতিমাৰী ক’ৰোন ভাইৰাছৰ আতংকৰ মাজতেই আজি নগাঁও জিলাৰ জামুগুৰিত সম্পন্ন হ’ল এখন বিবাহ।ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দেশজুৰি বলবৎ কৰা পঞ্চম পৰ্যায়ৰ তলাবন্ধৰ সময়ত চৰকাৰী নীতি -নিৰ্দেশনা আখৰে আখৰে পালন কৰি হোমৰ জুইক সাক্ষী কৰি বিয়াত বহিল নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰি গাঁৱৰ নিবাসী প্ৰয়াত ৰাসেশ্বৰ নাথ আৰু প্ৰয়াত যোগমাই দেৱীৰ পুত্ৰ জোন কুমাৰ নাথ আৰু জিলাখনৰ পহুকটা কোতায়নি নিবাসী কনক নাথ আৰু দুলুমনি দেৱীৰ জীয়ৰী নিকুমনি দেৱীয়ে। সমগ্ৰ ৰাজ্যতে বৰ্তমান সন্ধিয়াৰ পৰা বলবৎ হৈ থকা সান্ধ্য আইনৰ বাবে সম্পূৰ্ণ সামাজিক দূৰত্বৰ মাজেৰে মাত্ৰ এঘাৰ জন বৰযাত্ৰীৰে সজ্জিত গাড়ীত গৈ দিনৰ ভাগতে এই বিবাহ কাৰ্য সম্পন্ন কৰা হয় ৷ উল্লেখ্য যে,দৰা-কইনা দুয়ো হোমৰ সন্মুখত বহাৰ সময়তো মুখত মাস্ক পৰিধান কৰিহে হোমযজ্ঞ সম্পন্ন কৰে ৷