নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ নেউলডোবাত চাৰি কার্টন পানীৰ বটলত ভেঁকুৰ

নিয়মীয়া বার্তা, ২ জুনঃ খোৱাপানীৰ বটলকে ধৰি বিভিন্ন পানীয় সামগ্রীৰ বটলত কীট–পতংগ, ভেঁকুৰ, শেলুৱৈ আদি আৱিষ্কাৰ হোৱাৰ ঘটনা ৰাজ্যখনত নতুন নহয় যদিও এইবাৰ ‘অমৃতধাৰা’ কোম্পানীৰ বিশুদ্ধ খোৱাপানীৰ বটলত অমৃত পানীৰ পৰিৱর্তে ওলাল অসংখ্য ভেঁকুৰৰ কণিকা ৷

কামৰূপ জিলাৰ ৰামপুৰস্থিত অমৃতধাৰা কোম্পানীয়ে প্রস্তুত কৰা ‘ব্লাঞ্চছিউ’ নামৰ পানীৰ বটলত মানৱ জীৱনৰ বাবে ক্ষতিকাৰক অসংখ্য দূষিত এই ভেঁকুৰৰ কণিকাযুক্ত পানীৰ বটলৰ কার্টন উদ্ধাৰ হয় কামৰূপ জিলাৰ বকোৰ নেউলডোবাস্থিত এখন দোকানত৷ নেউলডোবাৰ প্রায়বোৰ দোকানতে অসংখ্য ক্ষুদ্র ক্ষুদ্র ভেঁকুৰযুক্ত এই অমৃতধাৰা কোম্পানীৰ ব্লাঞ্চছিউ নামৰ পানীৰ বটলৰ কার্টন থকা দেখা যায়৷

উল্লেখ্য, অসমত বিভিন্ন পানীয় সামগ্রীৰ কোম্পানীয়ে পানীয় প্রস্তুতৰ নামত ৰাইজক যে বৰবিহ সেৱন কৰোৱাই আহিছে, সেয়া সময়ে সময়ে সেই কোম্পানীসমূহৰ পানীয় সামগ্রীৰবটলৰ পৰা বিভিন্ন কীট–পতংগকে ধৰি দূষিত পদার্থ উদ্ধাৰ হৈ অহা ঘটনাই প্রতীয়মান কৰি আহিছে৷ বিশেষকৈ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ সময়ত বিশুদ্ধ খোৱাপানীৰ বটল এনেদৰে ভেঁকুৰেৰে ভর্তি হৈ থকা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্র চাঞ্চল্য৷ পানীয়েই যিহেতু প্রাণীৰ প্রাণ, তেনে অৱস্থাত দৈনন্দিন জীৱনত দোকানৰ পৰা সেৱন কৰিবলৈ ক্রয় কৰা পানী যদি বৰবিহৰ ৰূপত অৱতীর্ণ হয়, তেতিয়া মানুহৰ অৱস্থা কি হ’ব পাৰে সেয়া সহজেই অনুমেয়৷

চৰকাৰক খাদ্য পৰিক্রমা বিভাগৰ নিষ্ক্রিয় ভূমিকাৰ সুযোগ লৈ কেৱল নিজৰ মুনাফা লুটাৰ বাবেই জনস্বাস্থ্যৰ প্রতি চৰম ভাবুকি কঢ়িয়াই আনি খোৱাপানী কোম্পানীটোৱে এইদৰে ৰাইজক বৰবিহ সেৱন কৰাই অহাত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে কামৰূপ জিলা মিঞা পৰিষদ আৰু বাঙালী পৰিষদে৷ অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডল আৰু সদৌ অসম বাঙালী পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি সঞ্জয় সৰকাৰে এই ঘটনা প্রত্যক্ষ কৰি পানীৰ কার্টনসমূহ জব্দ কৰে৷ লগতে এই পানীয় বটলসমূহ বিক্রী নকৰিবলৈ দোকানীক আহ্বান জনায় ৷

You might also like