নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ যুৱকৰ ব্যতিক্রমী প্রয়াসঃ মুকলি কৰিলে লকডাউন পার্ক

নিয়মীয়া বার্তা, ২ জুনঃ  বিশ্বজুৰি আতংকৰ অন্য নাম হৈ পৰিছে ক’ভিড–১৯৷ এই ভাইৰাছিবধৰ সংক্রমণ ৰোধৰ বাবে ভাৰততো কেন্দ্রীয় চৰকাৰে দুমাহ পূৰ্বে ঘোষণা কৰিছিল সম্পূর্ণ লকডাউন৷ এই লকডাউনৰ সময়ছোৱাত সমগ্র দেশৰ লগতে ৰাজ্যখনতো দেখা গৈছিল এক পৃথক পৰিৱেশ৷

বহুজনে এই সময়ছোৱাত তীব্র মানসিক অৱসাদত ভোগাৰ বিপৰীতে আন একাংশই আকৌ নতুন ধৰণে জীৱনটোক চাবলৈ প্রচেষ্টা চলাইছিল৷ মৰিগাঁও চহৰৰ নাতিদূৰৰ গছৰগুৰি অঞ্চলৰ এক ঐতিহ্যমণ্ডিত অনুষ্ঠান ত্রিবেণী সংঘৰ মুখ্য উপদেষ্টা জয়ন্ত ডেকা, সভাপতি ভুবনেশ্বৰ ডেকা, সম্পাদক শশী ৰাৰ নেতৃত্বত স্থানীয় সমাজ সচেতন যুৱকসকলে লকডাউনৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে প্রকৃতি সুৰক্ষাৰ এক বাৰ্তা বিলোৱাৰ উদ্দেশ্যে গছৰগুৰি খেলপথাৰৰ সমীপতে নির্মাণ কৰি উলিয়ালে এখন আটকধুনীয়া উদ্যান, যাৰ নাম দিয়া হ’ল লকডাউন পার্ক৷

লকডাউনৰ সময়ছোৱাত এই অঞ্চলৰ সচেতন যুৱক দিগন্ত ডেকা, মামু ৰদলৈ, ৰাজু ডেকা, মদন ডেকা, নৱজ্যোতি ডেকা আদিয়ে নিজৰ শাৰীৰিক পৰিশ্রমৰ বিনিময়ত সাজি উলিয়ালে এই পার্কখন৷

You might also like