যোৰহাটৰ নতুন চাহ নিলাম কেন্দ্রত প্রথম ই–নিলাম সম্পন্ন
নিয়মীয়া বার্তা, ২ জুনঃ যোৰহাটৰ নতুন চাহ নিলাম কেন্দ্রত সোমবাৰে প্রথমবাৰৰ বাবে অনলাইনযোগে চাহৰ নিলাম সম্পন্ন হয়৷ ভাৰতৰ সর্ববৃহৎ বিজনেছ টু বিজনেছ ই–কর্মাচ কোম্পানী এম জংচন ছার্ভিচেজ লিমিটেডৰ দ্বাৰা ভাৰতীয় চাহ ব’ডৰ সহযোগত এই ই–নিলাম সম্পন্ন হয়৷
সোমবাৰে প্রথম ই–নিলাম প্রক্রিয়াত মুঠ ৩৮খন চাহ বাগিচাত উৎপাদিত গ্রীন টী, অর্থডক্স আৰু চিটিচি চাহৰ নিলাম কৰা হয়৷ ৪৫টাতকৈও অধিক চাহ ক্রেতা প্রতিষ্ঠানে প্রায় ২৪ হাজাৰ কিলোগ্রাম চাহৰ নিলাম প্রক্রিয়াত অংশগ্রহণ কৰে৷ আজি এই নিলাম প্রক্রিয়াত গোলাঘাটৰ মহালক্ষ্মী চাহ বাগিচাই উৎপাদন কৰা গ্রীন টী প্রতি কিলোগ্রামত ৫০২ টকাকৈ বিক্রী কৰা হয়৷
গুৱাহাটীৰ মেছার্ছ এবছল্যুট টী নামৰ প্রতিষ্ঠানে এই চাহ ক্রয় কৰে৷ মহালক্ষ্মী চাহ উদ্যোগৰ স্বত্বাধিকাৰী বিদ্যানন্দ বৰকাকতিয়ে এই সাফল্যত আনন্দ প্রকাশ কৰি কয় যে এনে ঐতিহাসিক চাহ নিলামৰ অংশ হ’বলৈ পাই তেওঁ গৌৰৱান্বিত৷
ক’ৰোনা মহামাৰী সংকটৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় চাহ ব’ডৰ উপ–সঞ্চালক অৰুণ ৰয় আৰু এম জংচন ছার্ভিচেজ লিমিটেডৰ পৰিচালন সঞ্চালক বিনয়া বার্মাৰ যৌথ প্রচেষ্টাত এই অনলাইন চাহ নিলাম প্রক্রিয়া আৰম্ভ হয়৷ পঞ্জীয়নভুক্ত সকলো ক্রেতা–বিক্রেতাই ডিজিটেল মাধ্যমেৰে চাহ নিলাম প্রক্রিয়াত অংশগ্রহণ কৰিব পাৰে৷ ইতিমধ্যে এম জংচনে চাহ ব’ডৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে৷ চাহৰ ই–বজাৰৰ ডিজাইন মান উন্নত কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্রহণ কৰিব এম জংচনে৷ এতিয়াৰে পৰা সপ্তাহত এবাৰকৈ প্রতি সোমবাৰে চাহৰ অনলাইন নিলাম অনুষ্ঠিত হ’ব৷