নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগীত বিদ্যুৎ সংশোধনী বিল বাতিলৰ দাবীত বিষয়া–কর্মচাৰীৰ প্রতিবাদ

নিয়মীয়া বার্তা, ২ জুনঃ জনস্বার্থবিৰোধী বিদ্যুৎ সংশোধনী বিল ২০২০ বাতিলৰ দাবীত  দেশজোৰা প্রতিবাদ দিৱস ৰূপায়ণ কৰিছে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ বিদ্যুৎকর্মীসকলে৷ কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে অসমৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগসমূহ কৌশলেৰে ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিবলৈ আৰম্ভ কৰিছে৷

শেহতীয়াকৈ বিদ্যুৎ সংশোধনী বিল আইন–২০২০ৰ জৰিয়তে দেশৰ লগতে ৰাজ্যৰ বৈদ্যুতিক ক্ষেত্রক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ বিৰুদ্ধে আজি মহানগৰীৰ নাৰেংগীস্থিত নামনি অসম প্রেৰণ আৰু পৰিৱর্তন চক্রৰ অসম বিদ্যুৎ বর্তনী নিগম পৰিসীমিতৰ কার্যালয়ৰ বিদ্যুৎ বিভাগৰ কর্মচাৰীসকলে নাৰেংগী এ এছ ই বি কলনীৰ মূল প্রৱেশদ্বাৰত ক’লা বেজ পৰিধান কৰি প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীসকলে বিদ্যুৎ সংশোধনী বিল–২০২০ বাতিল কৰক, বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণ বন্ধ কৰক, দুখীয়া–কৃষকৰ বিদ্যুতৰ অধিকাৰ খর্ব কৰা বন্ধ কৰক, সংবিধান উলংঘা নচলিব আদি শ্লোগানসম্বলিত ফেষ্টুন–বেনাৰ লৈ প্রতিবাদ সাব্যস্ত কৰে৷

ইফালে, ক’অর্ডিনেচন কমিটী অৱ ইলেক্ট্রিচিটী এমপ্লইজ ইঞ্জিনীয়ার্ছ এণ্ড পেন্সনার্ছে গুৱাহাটীত বিজুলী ভৱনত কেন্দ্রীয়ভাৱে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে আৰু বিদ্যুৎ সংশোধনী বিল বাতিলৰ দাবী জনায়৷

You might also like