নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিগাঁৱত ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ সজাগতা সভা

নিয়মীয়া বার্তা, ২ জুনঃ মহানগৰীৰ জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতি আৰু জালুকবাৰী আৰক্ষীৰ উদ্যোগত   মালিগাঁৱত অনুষ্ঠিত হয় এখন সজাগতামূলক সভা৷ বিশেষকৈ মহামাৰী ক’ৰোনা ভাইৰাছৰ (ক’ভিড–১৯) সংক্রমণ প্রতিৰোধৰ বাবে ৰাইজৰ কৰণীয় সন্দর্ভত সভাত আলোচনা কৰা হয়৷ নাগৰিক সমিতি আৰু আৰক্ষীয়ে মিলি বৃহত্তৰ জালুকবাৰী অঞ্চলত কিদৰে ক’ভিড–১৯ৰ সামাজিক সংক্রমণ অর্থাৎ তৃতীয় পর্যায়ৰ সংক্রমণ প্রতিৰোধ কৰিব পৰা যায় সেই বিষয়ে সভাত আলোচনা কৰা হয়৷ সভাত গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পুলক মহন্ত, পশ্চিম আৰক্ষী জিলাৰ উপ–আৰক্ষী আয়ুক্ত নীলেশ চাবাকাৰ আৰু জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিৰ কেইবাজনো বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

সভাত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে চৰকাৰে নির্দিষ্ট কৰি দিয়া স্বাস্থ্যবিধি কঠোৰভাৱে মানি চলাৰ বাহিৰে বর্তমান অন্য উপায় নাই বুলি উল্লেখ কৰে যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায় আৰু পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পুলক মহন্তই৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈও বিষয়া দুজনে নাগৰিক সমিতিক আহ্বান জনায়৷

You might also like