নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রসংঘৰ আহ্বান: আমেৰিকানে শান্তিপূর্ণ প্রতিবাদ কৰক

নিয়মীয়া বাৰ্তা, ৩ জুনঃ  কৃষ্ণাংগ জর্জ ফ্লয়ডৰ হত্যাক লৈ উত্তপ্ত হৈ থকা আমেৰিকা যুক্তৰাষ্ট্রৰ পৰিস্থিতি সন্দর্ভত উদ্বিগ্ণতা প্রকাশ কৰিছে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ মুৰব্বীগৰাকীয়ে উদ্বিগ্নতা প্রকাশ কৰি কয় যে আমেৰিকাবাসীয়ে শান্তিপূর্ণভাৱে প্রতিবাদ কৰক৷

তেনেদৰে শাসকীয় কর্তৃপক্ষই সংযম বর্তাই ৰাখক৷ ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীৰ্ এই আহ্বান যোৱানিশা তেওঁৰ মুখপাত্র ষ্টিফান ডুজাৰিকে সংবাদ মাধ্যমৰ আগত অৱগত কৰায়৷ সাংবাদিকে আমেৰিকা যুক্তৰাষ্ট্রৰ ফ্লয়ডৰ হত্যাক লৈ চলি থকা প্রতিবাদে দেশখনৰ বিভিন্ন প্রান্তত অশান্ত পৰিৱেশৰ সৃষ্টি কৰা সন্দর্ভত সোধা প্রশ্নৰ উত্তৰত এনেদৰে প্রকাশ কৰে৷

You might also like