নিয়মীয়া বাৰ্তা, ৩ জুনঃ অনাকাংক্ষিত গর্ভধাৰণ ৰোধৰ বাবে প্রব্রজিত শ্রমিকক লৈ ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰিছে বিহাৰ চৰকাৰে৷ বিভিন্ন ৰাজ্যৰ পৰা নিজ ৰাজ্যলৈ উভতি অহা শ্রমিকসকলে ১৪ দিনৰ প্রতিষ্ঠানিক কোৱাৰেণ্টাইন শেষ কৰাৰ পিছতে এই ব্যতিক্রমী পদক্ষেপ হিচাপে বিহাৰ চৰকাৰে বিনামূলীয়া কনডম যোগান ধৰিব৷
উল্লেখ্য যে প্রতিষ্ঠানিক কোৱাৰেণ্টাইনৰ পিছত হ’ম কোৱাৰেণ্টাইনত থাকিব লাগিব৷ এনে পৰিপ্রেক্ষিতত অবাঞ্ছিত গর্ভধাৰণৰ প্রতি লক্ষ্য ৰাখিয়েই চৰকাৰে এই পদক্ষেপ লৈছে৷
বিহাৰ চৰকাৰে প্রকাশ কৰা মতে, ৰাজ্যখনত ৮.৭৭ লাখ লোকে ইতিমধ্যে কোৱাৰেণ্টাইনৰ পৰা নিজ গৃহলৈ গৈছে৷ ইয়াৰে অধিক সংখ্যকেই প্রব্রজিত শ্রমিক৷ বিনামূলীয়া কনডম যোগান ধৰাটো ক’ৰোনা ভাইৰাছৰ লগত সম্পর্কিত নহয় বুলি উল্লেখ কৰি এয়া সম্পূর্ণ পৰিয়াল পৰিকল্পনাৰ অংশ বুলি প্রকাশ কৰিছে বিভাগীয় কর্তৃপক্ষই৷ প্রব্রজিত শ্রমিকক এই সুবিধা প্রদান কৰাৰ বাবে চৰকাৰখনে এন জি অ’ কেয়াৰ ইণ্ডিয়াৰ সৈতে মিলিত হৈ কাম কৰিছে৷