নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ ট্ৰেনজিট কেম্পৰ পৰা বৰ্হিঃৰাজ্যফেৰৎ যুৱকৰ পলায়নঃ আৰক্ষীৰ অভিযান অব্যাহত

নিয়মীয়া বাৰ্তা, ৩জুনঃ চিৰাং জিলাৰ এটা চোৱাব সংগ্ৰহ কৰা শিবিৰৰ পৰা বৰ্হিঃৰাজ্যফেৰৎ কেইজনমান যুৱকে পলায়ন কৰা কাৰ্যই সচেতন সকলোকে চিন্তিত কৰি তুলিছে। সততে যুৱ প্ৰজন্মৰ লগতে শিক্ষিত সমাজ খনক প্ৰতিনিধিত্ব কৰা বুলি সকলোৰে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা যুৱচামৰ মাজৰে নগন্য সংখ্যকে কৰা এই ভুলৰ বাবে চিৰাং জিলাৰ সৰহ সংখ্যক শিক্ষত যুৱক-যুৱতীয়ে ক্ষোভ প্ৰকাশ কৰিছে । জিলা খনৰ চিদলী আৰক্ষী থানাৰ অন্তৰ্গত চিদলী-কাশীকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ট্ৰেনজিট কেম্পত আজিৰ এই ঘটনা সংঘটিত হয় । আজি ৰে’লগাড়ীৰে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আহি অসমত প্ৰৱেশ কৰা যাত্ৰী সকলৰ মাজৰে চিৰাং জিলাৰ লোক সকলক প্ৰশাসনে উল্লেখিত ট্ৰেনজিট কেম্পলৈ আনে। পুৱা প্ৰায় ১০-৩০ বজাত যাত্ৰী সকলক অনাৰ পাছত শিবিৰত চোৱাব সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰে। আজি ১১০ জনৰো অধিক ৰে’ল যাত্ৰী শিবিৰত উপস্থিত হয় । চোৱাব সংগ্ৰহ কৰাৰ পাছতে লোক সকলক প্ৰশাসনে খাদ্য সামগ্ৰী যোগান ধৰে। চোৱাব দি আহাৰ গ্ৰহণ কৰাৰ পাছত যাত্ৰী সকলক পৰ্যায়ক্ৰমে তেওঁলোকৰ কোৱাৰেন্টাইন শিবিৰলৈ স্থানান্তৰিত কৰাৰো ব্যৱস্থা গ্ৰহন কৰিছে। যাত্ৰী সকলৰ মাজৰে কেইজনমান যুৱকে খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ উত্থাপন কৰি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে। সেই পৰিস্থিতিৰ সুযোগলৈ ১২ জনমান যুৱকে ট্ৰেনজিট কেম্পটোৰ চৌহদৰ পৰা পলায়ন কৰে। ঘটনাৰ সম্পৰ্কে অৱগত হোৱা মাত্ৰেই   চিৰাং আৰক্ষীৰ সদৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাস,চিদলী চক্ৰ আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ লগতে চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতু জ্যোতি নাথে অভিযান চলাই ৭জন যুৱকক বাটতে ধৰি শিবিৰলৈ ঘূৰাই আনে। অন্য ৫ জনক বিচাৰি চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই অভিযান অব্যাহত ৰাখিছে । অৱশ্যে জিলা সদৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসে মাত্ৰ ৪জন যুৱকে পলায়ন কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পিছতো  শিবিৰটোৰ চৌহদত থকা পকীবেৰ পাৰ হৈ পলায়ন কৰিবলৈ চেষ্টা কৰা আন এজন যুৱকক ওচৰৰে দুগৰাকী মহিলাই বাধা প্ৰদান কৰাত যুৱক জনে পুনৰ যোৱা বাটেৰে শিবিৰলৈ উভতি যাবলৈ বাধ্য হয় বুলি মহিলা দুগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়াৰ লগতে শিবিৰৰ দায়িত্বত থকা প্ৰশাসনৰ লোককো বিষয়টো অৱগত কৰে। একাংশ অবিৱেচক ব্যক্তিৰ বাবেই চৰকাৰ-প্ৰশাসন সময়ে সময়ে শলঠেকত পৰাৰ লগতে মানৱ সমাজ খনকো বিপদৰ মুখলৈ ঠেলি দিয়াৰ দৰে কাণ্ড সংঘটিত হয় বুলি বহুতেই মন্তব্য কৰিছে ।।

You might also like