নিয়মীয়া বার্তা, ৪ জুনঃ দেশৰ জনপ্রিয় মুখ্যমন্ত্রীৰ তালিকাত নৱম স্থানত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷
আইএএনএছে দেশজুৰি চলোৱা সমীক্ষাত অসমৰ মুখ্যমন্ত্রী সোণোৱালে ৬৭.১৭ শতাংশৰে নৱম স্থান লাভ কৰাৰ বিপৰীতে এই তালিকাৰ শীর্ষস্থানত আছে ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়ক৷
শীর্ষস্থানত থকা ওড়িশাৰ মুখ্যমন্ত্রীগৰাকীয়ে ৮২.৯৬ শতাংশ লাভ কৰিছে৷ আনপিনে, ৮১.০৬ শতাংশৰে দ্বিতীয় স্থানত ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেল থকাৰ বিপৰীতে ৮০.২৮ শতাংশৰে তৃতীয় স্থানত আছে কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়ন৷ চতুর্থ স্থানত ৭৮.০১ শতাংশৰে অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী ৱাই এছ জগনমোহন ৰেড্ডী আৰু ৭৬.৫২ শতাংশৰে পঞ্চম স্থানত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰে৷ ষষ্ঠ স্থানত ৭৪.১৮ শতাংশৰে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল৷ ৭৩.৯৬ শতাংশৰে সপ্তম স্থানত হিমাচলৰ মুখ্যমন্ত্রী জয়ৰাম ঠাকুৰ আৰু ৬৭.২১ শতাংশৰে অষ্টম স্থানত কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডিয়ুৰাপ্পা৷ তালিকাৰ অন্তিম স্থানত ৪.৪৭ শতাংশৰে হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খট্টৰ আছে৷
উল্লেখ্য যে চি এন এছ ভোটাৰে সমীক্ষা চলাওঁতে মুখ্যমন্ত্রীৰ কামক লৈ কিমান লোক অতি সন্তুষ্ট, কিমান লোক মাত্র সন্তুষ্ট আৰু কিমান লোক অসন্তুষ্ট, তাক আধাৰ কৰি লৈ জনপ্রিয়তাৰ তালিকাখন প্রস্তুত কৰা হৈছে৷