নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধাসংখ্যকেই শিক্ষার্থীঃ ৰাছিয়াৰ পৰা বিমানেৰে গুৱাহাটীলৈ আহিল ৩৭ যাত্রী

নিয়মীয়া বার্তা, ৪ জুনঃ  বিদেশত আবদ্ধ হৈ পৰা অসমীয়া লোকক লৈ দ্বিতীয়খন আন্তঃৰাষ্ট্রীয় বিমানে মঙলবাৰে নিশা অৱতৰণ কৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত৷ ৰাছিয়াৰ মস্কোৰ পৰা অহা এই বিমানখনে নিশা প্রায় ২ বজাত অৱতৰণ কৰে বিমানবন্দৰত৷

পোনপটীয়াভাৱে ৰাছিয়াৰ পৰা আহি গুৱাহাটীত অৱতৰণ কৰা এই বিমানখনত অহা লোকৰ সংখ্যা হৈছে ৩৭গৰাকী৷ ইয়াৰে অধিকাংশই ৰাছিয়াত অধ্যয়নৰত শিক্ষার্থী৷ ইপিনে, নিশা বিমানখন অৱতৰণ কৰাৰ পিছতে যাত্রীসকলক বিমানবন্দৰৰ সমীপৱর্তী কিৰণশ্রী হোটেললৈ লৈ যোৱা হয়৷ ইয়াত যাত্রীসকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে ছোৱাবৰ নমুনা সংগ্রহ কৰা হয়৷

পৰৱর্তী সময়ত ৰাছিয়াৰ পৰা অহা এই লোকসকলক গুৱাহাটী ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আইআইটি)ৰ হোষ্টেলত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হয়৷ অৱশ্যে কোনো লোক হোটেলত থাকিব বিচাৰিলে, তাৰ বাবেও যাৱতীয় ব্যৱস্থা গ্রহণ কৰে জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে৷

প্রাপ্ত তথ্য অনুসৰি, মস্কোৰ পৰা অহা বিমানখনত আছে মণিপুৰৰ ১১গৰাকী ব্যক্তি৷ তেওঁলোকক স্বাস্থ্য পৰীক্ষাৰ অন্তত পোনে পোনে মণিপুৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে যোৱা ২৯ মে’ত কুৱেইটত আবদ্ধ হৈ থকা লোকসকলক লৈ গুৱাহাটীলৈ আহিছিল প্রথমখন আন্তঃৰাষ্ট্রীয় বিমান৷ এই বিমানযোগে অহা লোকসকলক গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছিল৷ ইতিমধ্যে ইয়াৰে ৩০জন ব্যক্তি ক’ৰোনাত আক্রান্ত হোৱাটো নিশ্চিত হৈছে৷ সম্প্রতি তেওঁলোক চিকিৎসাধীন অৱস্থাত আছে৷

You might also like