নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি কাণ্ডৰ তদন্ত দাবী বিৰোধী দলপতিৰ: ৰাজ্যপালৰ হস্তক্ষেপ আহ্বান

নিয়মীয়া বার্তা, ৪ জুনঃ অসমত ক্রমান্বয়ে বৃদ্ধি পোৱা দলবদ্ধ হিংসাৰ পৰিপ্রেক্ষিতত এখন আইন বলৱৎ নোহোৱা পর্যন্ত এনে ঘটনা ৰোধ কৰিবৰ বাবে অনতিপলমে এক অধিসূচনা জাৰি কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীক অনুৰোধ জনাইছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷

শইকীয়াই শেহতীয়াকৈ মৰিয়নিৰ গাভৰু পর্বত চাহ বাগিচাত সংঘটিত হোৱা ঘটনাত দেৱাশিস গগৈ নামৰ যুৱকজনৰ মৃত্যুক কেন্দ্র কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ঘটনাটোৰ প্রকৃত সত্যৰ উদ্ঘাটন কৰিবলৈ এক ন্যায়িক তদন্তৰ আহ্বান জনায়৷ আজি ৰাজ্যপাললৈ প্রেৰণ কৰা এক পত্রত বিৰোধী দলপতিগৰাকীয়ে উল্লেখ কৰে যে বিগত ৩–৪ বছৰত অসমত দলবদ্ধ হিংসাৰ ঘটনা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ যোৱা মাহৰ শেষৰছোৱাতেই হাজোত সনাতন ডেকা আৰু চাবুৱাত পৰাগজ্যোতি নেওগৰ এনে ঘটনাত মৃত্যু হ’ল৷ প্রায় দুবছৰ আগতে কার্বি আংলঙত অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ গণপ্রহাৰত মৃত্যু হোৱা ঘটনাই সমগ্র অসম জোকাৰি গৈছিল৷ যোৱা বছৰ টীয়ক চাহ বাগিচাত এই ধৰণৰ ঘটনাত ডাঃ দেৱেন দত্তৰ মৃত্যু হৈছিল৷

শইকীয়াই উনুকিয়াই দিয়ে যে কার্বি আংলঙৰ ঘটনাটোৰ পিছত ৰাজ্য চৰকাৰে অনতিপলমে দলবদ্ধ হিংসা ৰোধ কৰিবলৈ আইন প্রৱর্তন কৰা হ’ব বুলি অসম বিধানসভাৰ মজিয়াত আশ্বাস দিছিল৷ ডাঃ দেৱেন দত্তৰ হত্যাৰ পিছতো একেধৰণৰ আশ্বাস দিছিল৷ কিন্তু এই আশ্বাসসমূহ অসাৰ প্রতিপন্ন হ’ল৷ দৰাচলতে এনেধৰণে নিৰীহ লোকৰ হত্যাত লিপ্ত লোকৰ গোচৰ এতিয়াও গতানুগতিকভাৱে আদালতত চলি আছে আৰু দলবদ্ধ হিংসাৰ ঘটনা দিনকদিনে বাঢ়ি আছে৷

You might also like