নিয়মীয়া বাৰ্তা, ৪ জুন : লকডাউনৰ সময়চোৱাত বহু লোকে আৰ্থিক সংকট তথা খাদ্য সংকটত ভুগিছে । লকডাউন আৰম্ভণি হোৱাৰ পৰাই দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ সমষ্টিৰ বিভিন্ন গাঁৱত ভাৰতীয় জনতা পাৰ্টীৰ নেতা নিংকু (নিদৰ্শন) হুজুৰীয়ে ৩ হেজাৰতকৈ ও অধিক দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ লগতে বহু লোকক আৰ্থিক ভাবেও পাৰ্যাপ্ত পৰিমাণে সহায় কৰি আহিছে । যোৱা কালি ও নেতা গৰাকীয়ে ছয়গাঁৱৰ ডাকুৱাপাৰা নিবাসী তথা দক্ষিণ কামৰূপৰ বিশিষ্ট কালীয়া বাদক কমিছন ৰাভাৰ ঘৰত উপস্থিত হৈ শিল্পী গৰাকীক চাউল, দাইল, চেনী, মিঠাতেল, নিমখ, আলু, পিঁয়াজ আদি খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে আৰ্থিক সাহায্যও প্ৰদান কৰে । উল্লেখ্য যে এই লকডাউনৰ সময়চোৱাত বিজেপি নেতা নিংকু হুজুৰীয়ে ছয়গাঁৱৰ থলুৱা লোক শিল্পীক খাদ্য সামগ্ৰীৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰিছে । অলপতে ছয়গাঁৱৰ বেণ্ডপাৰ্টী দলক ৭ হেজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই । নেতাগৰাকীৰ এই মহানুভৱতাক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে ।