নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক প্রত্যাহ্বানঃ মহাসাগৰত শক্তি বৃদ্ধি কৰিব ভাৰত–অষ্ট্রেলিয়াই

নিয়মীয়া বাৰ্তা, ৫ জুনঃ  ভাৰত–প্রশান্ত সাগৰীয় অঞ্চলত দমন কৰিব বিচৰা চীনক প্রত্যাহ্বান জনাবলৈ ঐক্যবদ্ধভাৱে কাম কৰিব ভাৰত–ষ্ট্রেলিয়াই৷ দুয়োখন দেশে ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত শক্তি বৃদ্ধি কৰাৰ সহমতত উপনীত হয়৷

বৃহস্পতিবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছনৰ সৈতে ভার্ছুৱেল দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ পিছতেই এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ তদুপৰি দুয়োগৰাকী নেতাৰ মাজত আলোচনামর্মে স্বাস্থ্য সেৱা, বাণিজ্য আৰু প্রতিৰক্ষা বিভাগত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ বিশ্বৰ প্রথমগৰাকী নেতা হিচাপে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রীৰ সৈতে আজি প্রধানমন্ত্রী মোদীয়ে ভার্ছুৱেল দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ এই বৈঠকৰ আৰম্ভণিতে প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁ বিশ্বাসী ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত সম্পর্ক অধিক শক্তিশালী কৰিবলৈ এয়াই সঠিক সময় আৰু সঠিক সুযোগ৷ দ্বিপাক্ষিক বৈঠকৰ সময়ত দেশৰ স্বাস্থ্য, বাণিজ্য, প্রতিৰক্ষা, চাইবাৰ ছিকিউৰিটী আদিৰ ক্ষেত্রত বিতং আলোচনা হোৱাৰ উপৰি দুয়োগৰাকী নেতাই ইজনে সিজনৰ সম্পর্কৰ বিষয়েও প্রকাশ কৰে৷

২০০৯ চনত কৌশলগত অংশীদাৰিত্বই দুই দেশৰ সম্পর্ক অধিক উন্নীত কৰাৰ পিছত পর্যায়ক্রমে দুয়োখন দেশৰ মাজত বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্রত সম্পর্ক শক্তিশালী হৈ উঠিছে৷ অষ্ট্রেলিয়াই ভাৰতত বিনিয়োগ কৰা ধন ভাৰতে অষ্ট্রেলিয়াত বিনিয়োগ কৰা ধনতকৈ অধিক৷ বিগত কিছু বছৰ ধৰি দুয়োখন দেশে সাগৰীয় সহযোগিতাত প্রাধান্য দি থকাৰ পিছত আজি আনুষ্ঠানিকভাৱে এই ভার্ছুৱেল দ্বিপাক্ষিক বৈঠকতে দুয়োগৰাকী নেতাই ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনক প্রত্যাহ্বান জনাবলৈ শক্তি বৃদ্ধি কৰাৰ ঐকমত্যত উপনীত হয়৷ প্রতিৰক্ষা চুক্তি অনুসৰি দুয়োখন দেশে প্রত্যেকেই ইখন–সিখন দেশত সামৰিক ঘাটি ব্যৱহাৰ কৰিব পাৰিব৷

উল্লেখ্য যে ২০১৫ চনত প্রথমবাৰৰ বাবে দুয়োখন দেশে দুই সপ্তাহ ধৰি দ্বিপাক্ষিক সাগৰীয় সামৰিক অনুশীলন চলাইছিল৷ বিগত বর্ষৰ এপ্রিল মাহতো ‘অছইনডেক্স’ শীর্ষক এই অনুশীলন চলোৱা হৈছিল৷

You might also like