শৈক্ষিক ৰাজধানী গুৱাহাটীৰ মান ৰাখিলে চাৰি কৃতী শিক্ষার্থীয়ে
নিয়মীয়া বাৰ্তা ৬ জুনঃ আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰি ৰাজধানী চহৰ গুৱাহাটীৰ সন্মান ৰক্ষা কৰিলে চাৰি শিক্ষার্থীয়ে৷ ছেইণ্ট মেৰিজ এইচ এছ স্কুলৰ চাকি জি বুল্ট’নে তৃতীয় স্থান, দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্রী শর্মাই চতুর্থ স্থান, অসম জাতীয় বিদ্যালয়ৰ অনন্যা মেধি আৰু হেপী চাইল্ড হাইস্কুলৰ নিৰজ খেতানে নৱম স্থান দখল কৰি গৌৰৱ কঢ়িয়াইছে গুৱাহাটীলৈ৷ ইয়াৰে তৃতীয় স্থান দখল কৰা চাকি হৈছে ফটাশিল আমবাৰীৰ বাসিন্দা৷ ইটানগৰস্থিত ৰিছার্চ ডিপার্টমেণ্টত কর্মৰত বুল্ট’ন দত্ত আৰু আর্য মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ গীতাঞ্জলি হাজৰিকাৰ কন্যা চাকিয়ে মুঠ ৫৯১ নম্বৰ লাভ কৰে৷ তেওঁ বিজ্ঞানত ১০০ নম্বৰ, সাধাৰণ গণিতত ১০০ নম্বৰ, ঐচ্ছিক গণিতত ১০০ নম্বৰ, সমাজ অধ্যয়নত ৯৯ নম্বৰ, অসমীয়া আৰু ইংৰাজীত ৯৬ নম্বৰ লাভ কৰিছে৷ কঠোৰ পৰিশ্রমেৰে উজলি উঠা এইগৰাকী শিক্ষার্থীয়ে দৈনিক ৬ ঘণ্টা অধ্যয়ন কৰিছিল বুলি ‘নিয়মীয়া বার্তা’ৰ আগত সদৰী কৰিছে৷ পৰীক্ষাৰ প্রস্তুতি সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয়–‘নিয়মীয়াভাৱে ৬ ঘণ্টা সময় মই অধ্যয়ন কৰিছিলোঁ৷ কিন্তু পৰীক্ষাৰ আগে আগে অধ্যয়নৰ সময় ৮ ঘণ্টালৈ বৃদ্ধি কৰিছিলোঁ৷ ঐচ্ছিক গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় লৈছিলোঁ৷’ ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ লক্ষ্য বান্ধি লোৱা চাকিয়ে মহানগৰীৰ আগশাৰীৰ এল্লেন একাডেমীত ক’চিং কৰিব বুলি জানিবলৈ দিছে৷ পৰীক্ষাত লাভ কৰা এই সাফল্যৰ বাবে পিতৃ–মাতৃ, শিক্ষক–শিক্ষয়িত্রীস অৰিহণাৰ কথা সোঁৱৰে চাকিয়ে৷ ইপিনে, পৰীক্ষাৰ ফলাফলত বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা এইগৰাকী শিক্ষার্থীৰ ক্রীড়াৰ প্রতিও আছে বিশেষ ৰাপ৷ ইতিমধ্যে কাৰাটেত তেওঁ অর্জন কৰিছে ব্লেকবেল্ট৷ এই প্রসংগত চাকিয়ে কয় যে আত্মৰক্ষাৰ লগতে আগ্রহৰ বাবেই তেওঁ কাৰাটেৰ প্রশিক্ষণ গ্রহণ কৰিছিল৷ ২০১৮ চনত অনুষ্ঠিত ৰাষ্ট্রীয় পর্যায়ৰ কাৰাটেত সোণ আৰু ৰূপৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে, চতুর্থ স্থান দখল কৰি দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে হিয়াশ্রী শর্মাই৷ তেওঁ অসমীয়াত ৯৫ নম্বৰ, ইংৰাজীত ৯৬ নম্বৰ, সাধাৰণ বিজ্ঞানত ৯৯ নম্বৰ, সাধাৰণ গণিতত ১০০ নম্বৰ, ঐচ্ছিক গণিতত ১০০ নম্বৰ আৰু সমাজ বিজ্ঞানত ১০০ নম্বৰ লাভ কৰিছে৷ গুৱাহাটীৰ ধীৰেনপাৰাৰ মানপাৰাৰ বাসিন্দা প্রাক্তন চৰকাৰী কর্মচাৰী উমেশ চন্দ্র শর্মা আৰু গুণুপ্রভা দেৱীৰ কন্যা হিয়াশ্রীয়ে পৰীক্ষাৰ প্রস্তুতি সন্দর্ভত সদৰী কৰা অনুসৰি তেওঁ নিয়মীয়াভাৱে ৬ৰ পৰা ৭ ঘণ্টা অধ্যয়ন কৰিছিল৷ এদিনত এটা বিষয়তহে অধ্যয়ন কৰিছিল৷ সমাজ বিজ্ঞানৰ বাহিৰে আন আটাইকেইটা বিষয়তে তেওঁ ঘৰুৱা শিক্ষকৰ সহায় লৈছিল৷ ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ আশা মনত পুহি ৰখা হিয়াশ্রীয়ে কটন বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাত নামভর্তি কৰিব৷ পৰীক্ষাৰ প্রস্তুতি সন্দর্ভত তেওঁ কয়– ‘কোনো বিষয় মুখস্থ কৰিব নালাগে৷ ইয়াৰ পৰিৱর্তে প্রতিটো বিষয় খুটি–নাটি মাৰি জানিব লাগে৷ প্রতিটো বিষয়, প্রতিটো অধ্যায় অতি মনোযোগেৰে অধ্যয়ন কৰা উচিত৷’ এই সাফল্যৰ বাবে কৃতিত্ব পিতৃ–মাতৃ, জ্যেষ্ঠ ভাতৃ আৰু শিক্ষাগুৰুসকলক প্রদান কৰি তেওঁ কয় যে পৰীক্ষাৰ আগমুহূর্তত অধ্যয়ন কৰাৰ সময়ত সদায়ে তেওঁৰ মাতৃ কাষত বহি আছিল৷ তদুপৰি প্রশ্ণকাকত, পাঠ্যপুথি অথবা আন বিষয়ৰ প্রয়োজনীয় সকলো সহায় কৰি আছিল দুয়ো জ্যেষ্ঠ ভাতৃয়ে৷ ইফালে, পূর্বৰ দৰে পৰীক্ষাত সফলতা লাভ কৰাৰ পাছতো বিদ্যালয়লৈ আহিব নোৱাৰা বাবে মনত বেদনা অনুভৱ কৰিছে নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত শিক্ষার্থীগৰাকীয়ে কয়– ‘সাধাৰণতে সকলো বিদ্যালয়লৈ আহে আৰু আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয়৷ কিন্তু এইবাৰ ক’ৰোনা ভাইৰাছৰ বাবে পৰিৱেশ কিছু সুকীয়া৷ তথাপি মই সকলোৰে আশীর্বাদ লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ পিতৃ–মাতৃ, শিক্ষাগুৰুকে ধৰি মোৰ শুভাকাংক্ষীসকলৰ পৰা এই মুহূর্তত লাভ কৰা আশীর্বাদেই মোৰ বাবে সকলো৷’ পঢ়াৰ উপৰি হিয়াশ্রীয়ে আজৰি সময়ত গান গায় আৰু কবিতা আবৃত্তি কৰি ভাল পায় বুলি জানিবলৈ দিছে৷ আনহাতে, অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিৰ কন্যা অনন্যা মেধিয়ে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে৷ সদ্যঘোষিত পৰীক্ষাত নৱম স্থান দখল কৰা অনন্যাই ঐচ্ছিক গণিতত ১০০, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৭, ইংৰাজীত ৯৭, অসমীয়াত ৯৫ আৰু সমাজ বিজ্ঞানত ৯৬ নম্বৰ লাভ কৰিছে৷ সাধাৰণ বিজ্ঞান, ইংৰাজী আৰু অসমীয়াত তেওঁ ঘৰুৱা শিক্ষকৰ সহায় লৈছিল৷ ইপিনে, গণিত আৰু ঐচ্ছিক গণিত বিষয়ত তেওঁক তদাৰক কৰিছিল পিতৃ ঘনশ্যাম মেধিয়ে৷ পৰীক্ষাৰ প্রস্তুতি সন্দর্ভত তেওঁ কয় যে দৈনিক ৯–১০ ঘণ্টাকৈ তেওঁ অধ্যয়ন কৰিছিল৷ স্থান লাভ কৰিব বুলি আশা কৰা নাছিল৷ সকলো বিষয় সমানেই অধ্যয়ন কৰিছিল৷ ইপিনে, পিতৃ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰি থকা বিদ্যালয়খনতে অধ্যয়ন কৰি সুনাম কঢ়িয়াই আনি তেওঁৰ কি অনুভৱ বুলি সোধা প্রশ্ণৰ উত্তৰত অনন্যাই কয়–‘বিদ্যালয়ৰ নাম উজলাবলৈ পাই মই যথেষ্ট সুখী৷ ব্যক্তিগতভাৱেও মোৰ ভাল লাগিছে৷ পিতৃ হিচাপে দেউতা মোৰ এই সাফল্যত যিমান সুখী হৈছে, তাতকৈও বিদ্যালয়খনৰ অধ্যক্ষ হিচাপে তেওঁ অধিক সুখী৷ মই সদায় ১০০ শতাংশই দিম বুলি অধ্যয়ন কৰিছিলোঁ৷’ আনহাতে, সাম্প্রতিক পৰিস্থিতিৰ বাবে বিদ্যালয়লৈ আহি সাফল্যৰ এই ক্ষণ উদ্যাপন কৰিবলৈ নোপোৱা বাবে মনত দুখ থাকি গ’ল নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে প্রথমে অলপ বেয়া লাগিছিল৷ কিয়নো পূর্বৰে পৰা বিদ্যালয়খনত সাফল্যত শিক্ষার্থীসকলে কৰা আনন্দোৎসৱ প্রত্যক্ষ কৰি আহিছে৷ শিক্ষক–শিক্ষয়িত্রীস এই আনন্দৰ সমভাগী হৈ আহিছে৷ এনে আনন্দ নিজ চকুৰে উপভোগ কৰাৰ হেঁপাহ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ক’ৰোনাৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিত সকলো এতিয়া উপায়হীন৷ বিদ্যালয়ত পূর্বৰ দৰে পৰিৱেশ সৃষ্টি কৰাটো সম্ভৱ নহয়৷ পৰিস্থিতিৰ বাবে এয়া মানি ল’বলগীয়া হৈছে৷ আজৰি সময়ত গান গাই, কিতাপ পঢ়ি ভাল পোৱা অনন্যাই ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ আশা মনত পুহি ৰাখিছে৷ অৱশ্যে তেওঁ কোন শিক্ষানুষ্ঠানত নামভর্তি কৰিব, সেয়াও থিৰাং কৰা নাই বুলি সদৰী কৰিছে৷ নাৰেংগীৰ বোন্দাৰ বাসিন্দা অনন্যা মেধিৰ মাতৃ বীণা মেধি এগৰাকী গৃহিণী৷ আনহাতে, হেপী চাইল্ড হাইস্কুললৈ সুনাম কঢ়িয়াই আনিছে নিৰজ খেতান নামৰ ছাত্রজনে৷ মুঠ ৫৮৫ নম্বৰ লাভ কৰি আঠগাঁৱৰ ছাত্রগৰাকীয়ে দখল কৰিছে নৱম স্থান৷ তেওঁ ইংৰাজীত ৯৭, সাধাৰণ গণিতত ১০০, ঐচ্ছিক গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৮, হিন্দীত ৯৫ আৰু সমাজ বিজ্ঞানত ৯৫ নম্বৰ লাভ কৰিছে৷ দৈনিক ৬ৰ পৰা ৮ ঘণ্টাকৈ অধ্যয়ন কৰা নিৰজে ঐচ্ছিক গণিত আৰু সমাজ বিজ্ঞান বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় গ্রহণ কৰিছিল৷ তেওঁৰ পিতৃ মহেশ খেতান হৈছে এগৰাকী ব্যৱসায়ী আৰু মাতৃ সন্তোষ খেতান গৃহিণী৷ ভৱিষ্যতে এজন সফল অভিযন্তা হোৱাৰ লক্ষ্য বান্ধি লোৱা নিৰজে নিজৰ সাফল্য সন্দর্ভত কয়– ‘অধ্যয়নৰ ক্ষেত্রত মই কেতিয়াও চাপত নাছিলোঁ৷ নম্বৰৰ পাছত দৌৰাৰ বাবে শিক্ষার্থীক কেতিয়াও চাপ প্রদান কৰিব নালাগে৷ মোৰ পিতৃ–মাতৃ আৰু শিক্ষক–শিক্ষয়িত্রীস পঢ়াৰ বাবে কোনোধৰণৰ চাপ প্রয়োগ কৰা নাছিল৷ মাধ্যম কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ যিকোনো মাধ্যমৰ পৰা সুপৰিকল্পিতভাৱে আগবাঢ়িলে জীৱনত সফলতা লাভ কৰিব পাৰি৷’ ইপিনে, সাম্প্রতিক পৰিস্থিতি সন্দর্ভত তেওঁ কয় যে ক’ৰোনা ভাইৰাছক লৈ আতংকিত হোৱাৰ বিপৰীতে সাৱধানতা অৱলম্বন কৰিব লাগে৷ স্বাস্থ্য বিভাগে প্রদান কৰা নির্দেশাৱলী মানি চলিলে এই মাৰাত্মাক ভাইৰাছবিধৰ সংক্রমণৰ পৰা বাচি থকা সম্ভৱ বুলি উল্লেখ কৰে৷ উল্লেখ্য যে আজি সুখ্যাতিৰে উত্তীর্ণ হোৱা মহানগৰীৰ দুই কৃতী শিক্ষার্থী চাকি জি বুল্ট’ন আৰু হিয়াশ্রী শর্মাক সম্বর্ধনা জ্ঞাপন কৰে পশ্চিম গুৱাহাটী ছাত্র সন্থাই৷ ছাত্র সন্থাৰ উপদেষ্টা জিতেন দাসৰ নেতৃত্বত যোৱা এটা দলে দুয়োগৰাকী শিক্ষার্থীকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যৎ জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷