নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ বছৰ অসমত থকা বাংলাদেশীক গ্রেপ্তাৰ

মানকাচৰত বিয়া পাতি ভোটাৰ তালিকাত সুমুৱাইছিল নাম

নিয়মীয়া বাৰ্তা ৯ জুনঃ দহ বছৰীয়া শিশু৷ পখিলা খেদাৰ বয়স তেতিয়া৷ সেই বয়সতে এখন ৰাষ্ট্রৰ পৰা আন এখন ৰাষ্ট্রলৈ অবৈধভাৱে প্রৱেশ কৰি নিয়োজিত হৈছিল মাছ ধৰা কামত৷ লাহে লাহে বয়সো হ’ল, বিয়াও পাতিলে৷ সুদীর্ঘ ২০টা বছৰ ধৰি অবৈধ আশ্রয় লৈ থকা অনুপ্রৱেশকাৰীজন এতিয়া ৩০ বছৰীয়া হ’ল৷ কিন্তু তেওঁ এতিয়া আৰক্ষীৰ জালত৷ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ ভাৰত–বাংলাদেশ সীমান্তয়েদি আজিৰ পৰা প্রায় ২০ বছৰ পূর্বে ১০ বছৰ বয়সতে বাংলাদেশৰ পৰা কাঁইটীয়া তাঁৰৰ বেৰৰ তলত থকা কালভার্টৰ মাজেৰে অসমত প্রৱেশ কৰিছিল এটি শিশু৷ নাম মিলন মণ্ডল ওৰফে মিলন মিঞা৷ মানকাচৰৰ ভাৰত–বাংলাদেশ সীমান্তয়েদি ভাৰতত প্রৱেশ কৰি অসমৰ বিভিন্ন জিলাত মাছমৰীয়াৰ সৈতে নদীত মাছ ধৰি বিক্রী কৰিছিল তেওঁ৷ এটা সময়ত মানকাচৰত যুৱতী এগৰাকীক বিয়া কৰায় এইজন বাংলাদেশী যুৱকে৷ ইফালে, মানকাচৰৰ উজান ঝগৰাৰ চৰ গাঁৱৰ স্থায়ী বাসিন্দা হিচাপে ভোটাৰ পৰিচয়–পত্রত নিজৰ নাম অন্তর্ভুক্ত কৰে বাংলাদেশী যুৱকজনে৷ ঝগৰাৰ চৰ গাঁৱৰ বলজেৰ ৰহমান মণ্ডল নামৰ ব্যক্তিজনে পুত্রৰ পৰিচয় দিয়াৰ বাবে অসমৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰাটো বাংলাদেশী যুৱকজনৰ বাবে সহজ হৈ পৰিছিল৷ কিন্তু ভাগ্য বেয়া৷ যাৰ বাবে যুৱকজন এতিয়া মানকাচৰ আৰক্ষীৰ জালত পৰি হ’বলগীয়া হ’ল ৰঙাঘৰৰ আলহী৷ মানকাচৰ আৰক্ষীয়ে গোপন সূত্রৰ ভিত্তিত যুৱকজনক যোৱা দেওবাৰে পুৱতিনিশা প্রায় তিনি বজাত মানকাচৰৰ ভাৰত–বাংলাদেশ সীমান্তৱর্তী ঝনঝনি এলেকাৰ নুৰ আমিন নামৰ লোক এজনৰ ঘৰৰ পৰা গ্রেপ্তাৰ কৰে৷ আৰক্ষীক দেখি নুৰ আমিনে পলায়ন কৰে যদিও আৰক্ষীয়ে নুৰ আমিনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ মদ, নিচাজাতীয় সামগ্রী আৰু এখন বাংলাদেশৰ ছিম কার্ড উদ্ধাৰ কৰি জব্দ কৰে৷ নুৰ আমিন ড্রাগ্ছৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত আৰু বাংলাদেশত ড্রাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে৷ ইফালে, গ্রেপ্তাৰ হোৱা মিলন মিঞা নামৰ বাংলাদেশী নাগৰিকজনে এই ড্রাগ্ছৰ ব্যৱসায়ৰ লগত জড়িত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে৷ মানকাচৰ আৰক্ষীয়ে আজি ধৃত মিলন মণ্ডলক আদালতলৈ প্রেৰণ কৰাৰ পাছত তদন্তৰ বাবে আদালতে যুৱকজনক আৰক্ষীৰ জিম্মাত দিয়ে৷ মিলন মণ্ডল ওৰফে মিলন মিঞা নামৰ বাংলাদেশী যুৱকজন বাংলাদেশৰ কুৰিগ্রাম জিলাৰ ৰৌমাৰী থানা এলেকাৰ বোকবান্ধা গাঁৱৰ মোহাম্মদ আলীৰ পুত্র বুলি চিনাক্ত কৰা হৈছে৷

You might also like