হস্তিনী বধৰ ৰাজনীতি
কেৰালাত গর্ভৱতী হাতীটোৰ বর্বৰোচিত নিধন কাণ্ডটোৱে সমগ্র দেশখনক জোকাৰি গৈছে৷ আজিৰ দিনটোত হয়তো এনে এজন লোক নোলাব, যাক ঘটনাটোৱে বেদনাবিদ্ধ কৰা নাই৷ অনামী যন্ত্রণাত হূদয়খন থানবান কৰা নাই৷ নিধন কাণ্ডটো মানৱ সভ্যতাৰ ইতিহাসত কাহানিও মচিব নোৱৰা এটা কলংক হৈ ৰ’ব৷ এনে নিষ্ঠুৰ–নির্মম কাণ্ড এটাৰ কথা মানুহে কিদৰে ভাবিব পাৰে কিন্তু ঘটনাপ্রৱাহে কাণ্ডটোক আন এটা অবাঞ্ছিত অৱস্থালৈ লৈ গ’ল৷ মূল প্রশ্ণটো ক’ৰবাতে থাকি গ’ল আৰু কম সময়ৰ ভিতৰতে বিষয়টোক লৈ আৰম্ভ হয় এখন ৰাজনৈতিক যুদ্ধ৷ যেন ৰাজনীতিৰ বাবে ব্রহ্মাস্ত্র এপাটহে হাতত পৰিল৷ ৰাজনৈতিক দলৰ কার্যালয়ৰ পৰা ছ’চিয়েল মিডিয়লৈকে সর্বত্র ৰণকৌশল প্রস্তুত হ’বলৈ ধৰিলে৷ ঘৃণা আৰু বিভেদৰ শাণিত অস্ত্র লৈ ইটো পক্ষৰ বিৰুদ্ধে জঁপিয়াই পৰিল সিটো পক্ষ৷ ইয়াৰ মাজতে তল পৰিবলৈ ধৰিলে যন্ত্রণাত বিদ্ধ হৈ তিলতিলকৈ মৃত্যুক সাবটি লোৱা হস্তিনীটোৰ মর্মবেদনা৷ তল পৰিল হস্তী–মানৱৰ ভয়ংকৰ সংঘাতখনৰ কথা৷ যাৰ বাবে বছৰি শতাধিক হাতীয়ে ভাৰতবর্ষত প্রাণ হেৰুৱাবলগীয়া হয়৷ ততোধিক লোকৰ অকালতে মৃত্যু হয়৷ ঘৰ–বাৰী ধবংস হৈ গৃহহাৰা হ’বলগীয়া হয় হাজাৰ হাজাৰ লোক৷ কিমানে যে খেতিপথাৰৰ ফচল হেৰুৱাই অবর্ণনীয় সমস্যাৰে সময় পাৰ কৰিবলগীয়া হয়৷ সেই দুখ–যন্ত্রণাবোৰৰ যেন কোনো অর্থ নাই৷
কেৰালাৰ হূদয়বিদাৰক ঘটনাটোৰ প্রথমে বিবাদলৈ আহে বিশিষ্ট পৰিৱেশবিদ তথা ভাৰত বন্যপ্রাণী সংৰক্ষণ আন্দেলনৰ অন্যতম বাটকটীয়া মানেকা গান্ধীৰ এটা বিতর্কিত মন্তব্যই৷ তেওঁ হস্তিনী নিধন কাণ্ডটোত ক্ষোভ ডজাৰিবলৈ গৈ কৈছিল যে কেৰালাত হস্তী নিধনকাৰীয়েচৰকাৰী সুৰক্ষা লাভ কৰে আৰু মল্লমপুৰম এনে ঘটনাৰ বাবে কুখ্যাত৷ এইখন ভাৰতবর্ষৰ সবাতোকৈ হিংস্র জিলাৰ মাজৰ এখন৷ ইয়াত পথৰ ওপৰত বিহ ঢ়ালি দিয়া হয়৷ সেইবোৰ ভক্ষণ কৰি চৰাই–চিৰিকটি নতুবা কুকুৰৰ মৰণ ঘটে৷ তেওঁ মন্দিৰত হাতীৰ দুর্দশাৰ কথাও ডল্লেখ কৰিছিল৷ দাক্ষিণাত্যত সিংহভাগ মন্দিৰত থকা হাতীৰ চোৱাচিতাৰ দায়িত্ব চৰকাৰৰ৷ সেয়ে বিষয়টো ঘূৰি–পকি ৰাজনৈতিক হৈ পৰে৷ মন্দিৰ ব্যৱস্থাপক পক্ষৰ তৰফৰ পৰা কোৱা হ’ল যে ডৎসৱৰ সময়তহে হাতীক বাহিৰলৈ ডলিয়াই অনা হয়৷ তেতিয়া হাতীৰ ভৰি বান্ধি ৰখা অৱস্থাত থাকে৷ যাতে নিজকে নিজে অথবা ভক্তক আঘাত নকৰে৷ এই কার্য বর্বৰতাৰে কৰা নহয়৷ অৱশ্যে ইয়াক লৈ আদালতত কেইবাটাও গোচৰ চলি আছে৷ তাৰ পাছতে ছ’চিয়েল মিডিয়া তথা টেলিভিছনৰ টক শ্ব’ত এচাম যোদ্ধা নামি পৰে ঘটনাটোৰ আঁৰত থকা লোকসকলৰ ধর্মীয় পৰিচয়ক লৈ গদা ঘূৰোৱাত৷ লগতে কেৰালাৰ চৰকাৰখনো লক্ষ্য হৈ পৰিল৷ এটা কথা সর্বজনবিদিত যে ভাৰতীয় সংসৃকতি আৰু পৰম্পৰাত হাতীৰ এটা মর্যাদাপূর্ণ স্থান আছে৷ অনেকে দেৱতাসম গণ্য কৰি পূজা–পাতল কৰে৷ আনকি ৰাজপথেৰে পোহনীয়া হাতী গ’লে অনেকে প্রণাম কৰে, ভক্তিভাবেৰে খাদ্য খাবলৈ দিয়ে৷ দাক্ষিণাত্যৰ ছবিখন অধিক আৱেগঘন৷ কেৰালাত হাতী অবিহনে ধর্মীয় অনুষ্ঠানৰ কথা কল্পনায়েই কৰিব নোৱাৰি৷ অর্থাৎ হাতীৰ সৈতে এইখন দেশত ধর্মীয় বিশ্বাস, আৱেগ প্রবলভাৱে জডিত হৈ আছে৷ ৰাজনৈতিক মুনাফা আদায়কাৰীয়ে সততে এনেধৰণৰ সুযোগৰ অপেক্ষাত থাকে৷ দেশখনত যিধৰণে মৌলবাদী চিন্তাৰ প্রসাৰ আৰু কদৰ বাঢ়িছে, এইটো এটা অনুসন্ধানৰ বিষয় হ’ব পাৰে৷ ইয়াক অস্বীকাৰ কৰিব নোৱাৰি৷ কিন্তু সেইটো যেতিয়া ৰাজনৈতিক মুনাফা আদায়ৰ বিষয় হৈ পৰে, ইয়াৰ কু–প্রভাৱ সমাজখনত বৰ ভয়ংকৰভাৱে পৰাৰ সম্ভাৱনা থাকে৷ লগতে ই মূল বিষয়ৰ পৰা মানুহৰ ধ্যান–ধাৰণাক আঁতৰাই লৈ যায়৷ মানেকা গান্ধীয়ে যেতিয়া এখন চৰকাৰ আৰু এটা অঞ্চলক লৈ অভিযোগৰ আঙুলি টোঁৱালে, দেশৰ ৰাজনীতি গৰম হৈ ডঠিল৷ কেৰালাৰ বাঁওপন্থী চৰকাৰখনৰ বিৰুদ্ধে সোঁপন্থী দলে এটা ‘ইছ্যু’ বিচাৰি পালে৷ কেৰালাৰ সেই জিলাখন মুছলমান অধ্যুষিত৷ গতিকে, ধর্মীয় মেৰু বিভাজনকাৰী শক্তিসমূহ তৎপৰ হৈ ডঠিল৷ কিন্তু খবৰ আহিল যে ঘটনাটো মল্লমপুৰমত নহয়, পালক্কড জিলাৰহে৷ সেইখন জিলা হিন্দু ধর্মীয় লোকৰ বসতিপূর্ণ৷ ইফালে, সুযোগ পাই কেৰালাৰ বামপন্থী চৰকাৰখনেও আৰক্ষীৰ জৰিয়তে বিজেপিৰ সাংসদ মানেকা গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰোৱাই ৰাজনৈতিক যুঁজখনক আন এটা মাত্রা দিলে৷ ৰাজনৈতিক যুঁজখনত গর্ভৱতী হস্তিনীটোৰ যন্ত্রণা ক’ৰবাতেই থাকি গ’ল৷ ঘটনাটোৱে ডত্থাপন কৰা হস্তী–মানৱৰ সংঘাতখনো ক’ৰবাত হেৰাই গ’ল৷ মানেকা গান্ধীৰ মন্তব্যৰ পাছত বিষয়টো পুনৰ প্রাণ পাই ডঠিল, নিধন কাণ্ডটোৰ সৈতে জডিত থকাৰ অভিযোগত গ্রেপ্তাৰ হোৱা লোকজনৰ ধর্মীয় পৰিচয়টোৰ পৰা৷ এইবাৰ যেন শেনৰ এজাত৷ মোটামুটিকৈ ধৰি লোৱা হ’ল যে হস্তিনীটোৰ নিধন হিন্দুৰ সংসৃকতি–পৰম্পৰাৰ্ বিৰুদ্ধে এটা বিশেষ ধর্মাৱলম্বী লোকৰ জেহাদৰ অংশ৷ এটাই আনটো পক্ষৰ ওপৰত যিমান পাৰি ঘৃণা ছটিয়াই ছটিয়াই যুদ্ধ কৰি গৈ থাকিল৷ অৱশ্যে এইটোও ঠিক যে তেওঁলোকেই একমাত্র এই দেশখনৰ প্রতিনিধি৷ সমাজত সুস্থিৰভাৱে চিন্তা–চর্চা কৰা, যুক্তিৰে নিজকে পৰিচালিত কৰি ঘটনাৰ নিৰপেক্ষ আৰু বাস্তৱসন্মত বিশ্লেষণ কৰি সেই মতে আগুৱাই যোৱা লোকে অগণিত সংখ্যাত আছে৷
কেৰালাৰ ঘটনাটোক লৈ বেদনা–ঘৃণা সকলো চলি থকাৰ মাজতে এলিফেণ্ট টাস্ক ফ’চৰ অধ্যক্ষ অধ্যাপক মহেশ ৰংগৰাজনে এটা নিডজ চেনেলত ইয়াৰে সৈতে কিছু কথা ডত্থাপন কৰে৷ তেওঁ কয় যে প্রতিবছৰে শতাধিক হাতীৰ নিধন হয়৷ হাতী সবাতোকৈ নির্জু জীৱ আৰু নিজকে মানুহৰ পৰা আঁতৰাই ৰাখে৷ কেতিয়াবা কেতিয়াবা ভোক–পিয়াহৰ বাবে জনবসতিপূর্ণ অঞ্চললৈ যায়৷ আচলতে ভাৰতত হাতী আৰু মানৱৰ সংঘাত হ’বই নালগিছিল৷ এই নির্জু জীৱটোৱে দেশখনৰ ইতিহাস, পৰম্পৰা, কৃষ্টি–সংসৃকতিত এইদৰে গভীৰভাৱে শিপাই আছে যে ভাৰতীয় লোকৰ সৈতে সংঘাত এটা অকল্পনীয় বিষয় হৈ থাকিব লাগিছিল৷ হাতীক ভাৰতৰ জনসাধাৰণে ভক্তি কৰে৷ হাতী বহু লোকৰ জীৱন–জীৱিকাৰো অংশ৷ কিন্তু প্রগতিৰ ধাৰাটোৱে পৰিস্থিতি সলনি কৰিলে৷ বিকাশৰ স্বার্থত, অধিক ধনৰ লালসাত মানুহে প্রথমে হাতীৰ পৃথিৱীখন নষ্ট কৰিবলৈ আৰম্ভ কৰে৷ হাতীৰ দাঁত, হাডৰ ক’লা বজাৰত যথেষ্ট দাম আছে৷ সেয়ে নিধন কার্য আৰম্ভ হ’ল৷ হাতীৰ স্বাভাৱিক পথৰ ওপৰত ডদ্যোগ স্থাপন হ’ল৷ খেতিপথাৰ হ’ল৷ ঘৰ–বাৰী প্রতিষ্ঠা হ’ল৷ ইয়ে সংঘাতৰ সৃষ্টি কৰিলে৷ এতিয়া এইবোৰ কথাক লৈ চর্চা হোৱাটো সময়ৰ দাবী আছিল৷ কিন্তু সেয়া নহ’ল৷ ৰাষ্ট্রীয় নিডজ চেনেলৰ টক শ্ব’ত অংশগ্রহণ কৰা ৰাজনৈতিক দলৰ প্রতিনিধিয়ে পৰস্পৰৰ বিৰুদ্ধে বোকা ছটিয়াই সমস্যা আৰু সংকটটোক আনফালে লৈ গ’ল৷
চলিত বর্ষত জানুৱাৰীত পৰিৱেশ মন্ত্রী (ৰাজ্যিক) মহেশ শর্মাই সংসদত কৈছিল যে ২০১৫ চনৰ পৰা ২০১৮ চনলৈ তিনি বছৰত হস্তী–মানৱৰ সংঘাতত ১,৭১৩জন লোক আৰু ৩৭৩টা হাতীৰ মৃত্যু হৈছে৷ অকল অসমতে ২০১৮ চনত ৮৬জন লোকৰ মৃত্যু হৈছে৷ এই দুর্দশাগ্রস্ত ছবিখনৰ পৰিৱর্তন হ’ব লাগে৷ সকলোতে ধর্মৰ আঁহ ফালি থকাসকলে বন্যহস্তীয়ে মানুহৰ জীৱনলৈ কিদৰে বিপর্যয় নমাই আনিছে, সেইটো স্বচক্ষে চাবলৈ আন নালাগে, গোৱালপাৰা জিলালৈ গ’লেই বুজিব পাৰিব৷ একেদৰে, সংঘাতখনত প্রাণ হেৰুওৱা হস্তীৰ পৰিসংখ্যাটোৱে কয়, বন্যহস্তীৰ বাবে কিমান বিপজ্জনক হৈ ডঠিছে এই ধৰাখন৷ কেইদশকমান আগেয়ে ভাৰতত প্রায় দহ লাখ হাতী আছিল৷ ২০১৭ চনৰ গণনাত সংখ্যাটো হ্রাস পাই ২৭,৩১২টা হয়৷ ইয়াৰে অসমত ৫,৭১৯টা আছে৷ কর্ণাটকত সর্বাধিক ৬,০৪৯টা আৰু তৃতীয় স্থানৰ কেৰালাত আছে ৩,০৫৪টা৷ এইদৰে হ্রাস পাই গৈ থাকিলে ভাৰতৰ পৰা হাতীৰ বিলুপ্তিৰ বাবে বৰ বেছি দশক নালাগিব৷
আমাৰ দেশখনৰ সংবিধানে জীৱ–জন্তুৰ সুৰক্ষাৰ বাবে আইনী ব্যৱস্থা কৰিছে৷ অৱশ্যে ইয়াত সংশোধনীৰ কথা আহিব পাৰে৷ কঠোৰ আইনী ব্যৱস্থাৰ দাবী ডঠিব পাৰে৷ সংবিধানৰ ৫১ (এ) অনুচ্ছেদ অনুসৰি, প্রতিটো জীৱিত প্রাণীৰ প্রতি সহানুভূতিশীল হোৱাটো নাগৰিকৰ কর্তব্য৷ দেশত জীৱ–জন্তুৰ ওপৰত হিংস্র আচৰণ ৰোধ কৰিবলৈ পশু নিষ্ঠুৰতা ৰোধ বিধি ১৯৬০ আছে৷ ভাৰতীয় দণ্ডবিধিৰ ৪২৮ আৰু ৪২৯নং ধাৰা অনুুসৰি যিকোনো জন্তুৰ ওপৰত নির্যাতন চলোৱাটো দণ্ডনীয় অপৰাধ৷ গতিকে, ৰাজনীতি বাদ দি হূদয়বিদাৰক ঘটনাটোৰ সৈতে জডিত অপৰাধীৰ শাস্তিৰ দাবী কৰা হওক৷ হস্তী–মানৱৰ সংঘাত দূৰ কৰাৰ বাবে কার্যব্যৱস্থা হাতত লোৱা হওক৷ ভাবিলেই বুকু কঁপি ডঠা, নির্মম–নিষ্ঠুৰ, অবর্ণনীয় বর্বৰ কাণ্ড এটাও ৰাজনীতিৰ বিষয় হ’ব পাৰেনে?