নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস হৈ যাব যোৰহাটৰ বেজবৰুৱা হাইস্কুল

ফলাফল শূন্যঃ মেট্রিকত উত্তীর্ণ নহ’ল এজনো পৰীক্ষার্থী

নিয়মীয়া বাৰ্তা ১০ জুনঃ ইতিহাস হৈ যাব বহু কীর্তিমানক মানৱ সম্পদ হিচাপে গঢ় দিয়া যোৰহাটৰ বেজবৰুৱা হাইস্কুল৷ ইতিমধ্যে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷ কিয়নো শেহতীয়াকৈ যোৰহাটৰ বেজবৰুৱা হাইস্কুলৰ শৈক্ষিক মান দিনকদিনে নিম্নগামী হৈছে৷ বিশেষকৈ শিক্ষান্ত পৰীক্ষাৰ ফলাফল মুঠেই সন্তোষজনক নহয় শিক্ষানুষ্ঠানখনৰ৷ এইবাৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলশূন্য ১৭খন বিদ্যালয় ৰাজ্য চৰকাৰে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত যোৰহাট বেজবৰুৱা হাইস্কুল বন্ধ হোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ ২০২০ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ পৰা এজনো শিক্ষার্থী উত্তীর্ণ নহ’ল৷ ১৮৯৪ চনতে প্রতিষ্ঠা কৰা যোৰহাট বেজবৰুৱা হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল যোৱা প্রায় তিনিটা দশকৰ পৰা নিম্নগামী হৈছে৷ উল্লেখ্য যে বেজবৰুৱা হাইস্কুলৰ পৰাই ওলাই যোৱা বহু কীর্তিমান ছাত্র দেশে–বিদেশে সমাদৃত আছিল৷ কিন্তু বর্তমান শিক্ষানুষ্ঠানৰ শৈক্ষিক মান নিম্নগামী হোৱাত বছৰ বছৰ ধৰি শিক্ষান্ত পৰীক্ষাৰ ফলাফল মুঠেই সন্তোষজনক হোৱা নাই৷ এইবাৰ শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা ৩জন ছাত্র অৱতীর্ণ হৈছিল যদিও এজনেও সফলতা অর্জন কৰিব নোৱাৰিলে৷ বিদ্যালয়খনত ৭গৰাকী স্থায়ী শিক্ষক থকাৰ পাছতো বিগত দিনসমূহত ফলাফল উন্নত নোহোৱা বিষয়টোৱে যোৰহাটৰ শৈক্ষিক সমাজৰ মাজত বিশেষভাৱে চর্চিত হৈ পৰিছে৷ উল্লেখ্য যে ১৮৯৪ চনতে যোৰহাটৰ জে বি ৰোডত বেজবৰুৱা হাইস্কুল প্রতিষ্ঠা কৰিছিল গোবিন্দ বেজবৰুৱাই৷ গোবিন্দ বেজবৰুৱা আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ককায়েক আৰু দীননাথ বেজবৰুৱাৰ পুত্র৷ অতি চাহাবী ঢ়ঙৰ ব্যক্তি গোবিন্দ বেজবৰুৱাৰ আছিল প্রবল স্বদেশ প্রেম৷ অসমৰ ল’ৰাহঁতে ইংৰাজী শিকি আগবঢ়াৰ সেই হেঁপাহেৰেই অসমত কেইবাখনো স্কুল স্থাপন কৰিছিল৷ কলিকতাৰ পৰা শিক্ষা গ্রহণ কৰি আহিয়েই গোবিন্দ বেজবৰুৱাই প্রথমখন জাঁজীত, পিছলৈ দেৰগাঁও, গোলাঘাট, যোৰহাট আৰু শিৱসাগৰত কেইবাখনো ইংৰাজী স্কুল স্থাপন কৰিছিল৷ এয়া আছিল ঊনবিংশ শতিকাৰ শেষ ভাগৰ কথা৷ শেষলৈ আটাইকেইখন স্কুলেই বেজবৰুৱা স্কুল হিচাপে পৰিচিত হৈছিল৷ ইয়াৰে এখনত প্রয়াত বেণুধৰ শর্মাই চাকৰি কৰিছিল৷ বেণুধৰ শর্মাই মনোৰমভাৱে লিখি গৈছে– গোবিন্দ বেজবৰুৱাৰ কোমল–কঠোৰ শাসন আৰু বিধি ব্যৱস্থাৰ কথা৷ সেই বেজবৰুৱা স্কুলত যোৱা কিছু বছৰ ধৰি শিক্ষার্থীৰ নামভর্তি কমিছিল৷ এনে পৰিণতিত এগৰাকী মহাপ্রাণৰ এটি সপোনৰ মৃত্যু হ’ল৷ বন্ধ হ’বলৈ ওলাইছে তেওঁ প্রতিষ্ঠা কৰা যোৰহাটৰ বেজবৰুৱা হাইস্কুল৷ ইতিহাস বিজড়িত স্কুলখন বন্ধ হোৱাৰ খবৰে মর্মাহত কৰিছে যোৰহাটবাসীক৷

You might also like