ৰাছিয়াৰ বায়ুসেনাই লাভ কৰিব ছুপাৰছ’নিক ছু–৩৪ বিমান
নিয়মীয়া বাৰ্তা, ১০জুনঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণে ৰাছিয়াত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে যদিও সামৰিক ক্ষেত্রত আধুনিকীকৰণৰ কোনো কার্যত বাধা আহি পৰা নাই দেশখনত৷ শেহতীয়াকৈ দেশখনত বায়ুসেনাক ২০খন ছুপাৰছ’নিক ছুখই–৩৪ অর্থাৎ ছু–৩৪ বিমান প্রদান কৰাৰ যো–জা চলিছে৷ এই নতুন ছু–৩৪ বিমানত থাকিব অত্যাধুনিক সুবিধা আৰু পূর্বৰ যুদ্ধ বিমানতকৈ ই হ’ব অধিক শক্তিশালী৷ ইতিমধ্যে দেশখনৰ প্রতিৰক্ষা মন্ত্রণালয়ে এই বিষয়টোক লৈ এখন চুক্তিত স্বাক্ষৰ কৰিছে৷ সংবাদ সংস্থা ‘টাছ’ৰ প্রতিবেদন অনুসৰি এই অত্যাধুনিক ছুপাৰছ’নিক যুদ্ধ বিমানকেইখন তিনি বছৰৰ ভিতৰত বায়ুসেনাক পর্যায়ক্রমে প্রদান কৰিব মস্কো প্রশাসনে৷ স্মর্তব্য যে ইতিমধ্যে ছুখই–৩৪ যুদ্ধ বিমানৰ পূর্বৰ সংস্কৰণৰ ১৩০খন বিমান বায়ুসেনাত কার্যক্ষম হৈ আছে৷ বিভিন্ন সময়ত এই যুঁজাৰু বিমানবোৰ অভিযানকালত ব্যৱহাৰ কৰিছিল ৰাছিয়াই৷ যোৱা সপ্তাহত দেশখনৰ প্রতিৰক্ষা মন্ত্রালয় আৰু ছুখই এয়াৰক্রাফট কোম্পানীৰ মাজত এই সন্দর্ভত চূড়ান্ত চুক্তিত স্বাক্ষৰ হৈছে৷ ছুখই এয়াৰক্রাফট কোম্পানীয়ে অকল ৰাছিয়া বুলিয়েই নহয়, বিভিন্ন দেশৰ বাবে নির্মাণ কৰি আহিছে অত্যাধুনিক যুঁজাৰু বিমান৷ কিন্তু ইয়াৰ শেহতীয়া সংস্কৰণ হ’ব পূর্বৰ তুলনাত অধিক উন্নত৷