বাঘজানৰ অগ্নিকাণ্ড, মুখ্যমন্ত্ৰী সোণোৱালৰে প্ৰধানমন্ত্ৰী মোদীৰ আলোচনা
নিয়মীয়া বাৰ্তা, ১০জুনঃ বাঘজানত তৈল নিৰ্গমণৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকে ধৰি প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰিছিল। বিস্ফোৰণ তথা অগ্নিকাণ্ডত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। প্ৰায় ২হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে প্ৰশাসনে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মুখ্যমন্ত্ৰী সোণোৱালৰ লগত আলোচনা কৰিছো। কেন্দ্ৰই সৰ্বতোপ্ৰকাৰে সহায় কৰিব অসমক। টুইটযোগে ঘোষণা এই মন্তব্য প্ৰধানমন্ত্ৰীৰ।