নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াৰ বাঘজানৰ তৈল খাদত হোৱা ভয়ংকৰ বিস্ফোৰণক লৈ আৰণ্যকৰ উদ্বেগ প্ৰকাশ

নিয়মীয়া বাৰ্তা,১০ জুনঃ উত্তৰ-পূব ভাৰতৰ জীৱ-বৈচিত্ৰ্য সংৰক্ষণৰ লক্ষ্য আগত ৰাখি কাম কৰি অহা বেচৰকাৰী সংস্থা আৰণ্যকে মঙলবাৰৰে পৰা মাগুৰি মোটাপুং জলাহভূমি, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংলগ্ন হৈ থকা বাঘজান অঞ্চলত তৈল খাদত হোৱা ভয়ংকৰ বিস্ফোৰণক লৈ গভীৰ উদ্বেগ আৰু দুঃখ প্ৰকাশ কৰে।

ডিব্ৰু-চৈখোৱা এখন UNESCO ৰ দ্বাৰা স্বীকৃত বায়’স্ফেয়াৰ ৰিজাৰ্ভ (Biosphere Reserve)| বায়’স্ফেয়াৰ ৰিজাৰ্ভবোৰে স্থলজ বা সাগৰীয়/উপকূলীয় পৰিস্থিতিতন্ত্ৰৰ এক বৃহৎ অঞ্চলৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক লেণ্ডস্কেপক প্ৰতিনিধিত্ব কৰে। এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত থকা অগ্নিশিখা ওচৰৰ জনবসতি অঞ্চল সমূহ তথা খেতিপথাৰ সকলোলৈকে বিয়পি পৰিছে আৰু চহকী প্ৰাকৃতিক ক্ষেত্ৰখনত সাংঘাতিক অনিষ্ট সাধনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আৰণ্যকে স্থানীয় জনসাধাৰণৰ স্বাৰ্থত তথা প্ৰাকৃতিক পৰিৱেশ আৰু অধিক বিনস্ত হোৱাৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত অইল ইণ্ডিয়া লিমিটেড আৰু চৰকাৰী সংগঠনসমূহক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। লগতে আৰণ্যকে দাবী জনাই যে অইল ইণ্ডিয়া লিমিটেডে পৰিৱেশ আৰু বাঘজান অঞ্চলৰ স্থানীয় লোকৰ জীৱন আৰু সম্পত্তিৰ সম্পূৰ্ণ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব। ভৱিষ্যতে যাতে এনে জৰুৰীকালীন ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে অইল ইণ্ডিয়া লিমিটেড অধিক সাৱধান, দায়বদ্ধ আৰু সু-সজ্জিত হৈ থাকিব লাগিব।

ইয়াৰ লগতে আৰণ্যকে মত প্ৰকাশ কৰে যে এনে ক্ষেত্ৰত চৰকাৰ অধিক সাৱধান হ’ব লাগে আৰু এনে প্ৰতিষ্ঠানসমূহক সন্মতি প্ৰদান কৰাৰ আগতে এই বিষয়সমূহ উপস্থাপন কৰিব লাগে আৰু লগতে অইল ইণ্ডিয়া লিমিটেডে বৰ্তমান তৈলখনন কাৰ্যৰ বাবে ৭টা অঞ্চলত ব্যৱহাৰ কৰা ERD টেকন’লজিক পুনঃ পৰীক্ষণ কৰাৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰে।
আৰণ্যকে আশা কৰে যে অইল ইণ্ডিয়া লিমিটেডে স্থানীয় ৰাইজৰ জীৱন তথা সম্পত্তিৰ উচিত মূল্য প্ৰদান কৰিব আৰু লগতে অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ গৈ মৃত্যুক সাৱটি লোৱা অগ্নি নিৰ্বাক বাহিনীৰ দুয়োজন কৰ্মকৰ্তালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

You might also like