নিয়মীয়া বাৰ্তা, ১০জুনঃ উত্তৰ প্ৰদেশৰ বস্তি অঞ্চলত বাস কৰা মোহনলাল শৰ্মাই ২৩ মে’ তাৰিখে ঝাচীৰ পৰা গোৰখপুৰ আহিবলগীয়া শ্ৰমিক স্পেচিয়েল ট্ৰেইনত উঠিছিল । কিন্তু এই বিশেষ ৰে’লখন ৪ দিন পাছত গোৰখপুৰৰ হৈ পুনৰ ঝাচীলৈ ঘূৰি আহিছিল যদিও ঘৰ গৈ পোৱা নাছিল মোহনলাল ।
পাছত ঝাচী ৰে’ল ষ্টেচনত এই বিশেষ শ্ৰমিক ৰে’লখন চাফা কৰাৰ সময়ত চাফাই কৰ্মীসকলে ৰে’লখনৰ শৌচালয়ত এটা মৃতদেহ প্ৰত্যক্ষ কৰে । এই মৃতদেহটোৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত মোহনলালৰ বুলি চিনাক্ত হয় ।
