নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ’পি উলংঘা কৰি অইল হেডৰ বি’পি খোলাৰ পাছতে গেছৰ নির্গমন

নিয়মীয়া বাৰ্তা ১১ জুনঃ অগ্নিণ্ডত পৰিণত তিনিচুকীয়া জিলাৰ বাঘজান তৈলক্ষেত্রৰ ভৱিষ্যৎ কোন দিশে? কাৰ গাফিলতিত বাঘজান জ্বলি ছাৰখাৰ হ’ল? কিমানজনৰ চকুৰ সন্মুখত দাওদাওকৈ জ্বলি উঠি ছাইত পৰিণত হ’ল আপোন ঘৰখন৷ হাজাৰ হাজাৰজন ক্ষতিগ্রস্তৰ বেদনা অইল ইণ্ডিয়া লিমিটেডৰ সামান্য ক্ষতিপূৰণে উপশম ঘটাব পাৰিবনে? এনে হাজাৰটা প্রশ্ণৰ অৱতাৰণা হৈছে এই মুহূর্তত৷ পিছে অগ্নি কুণ্ড বাঘজানে যেন অইল ইণ্ডিয়া লিমিটেডৰ ফোঁপোলা অভিজাত দম্ভ–হংকাৰ সকলো ছাৰখাৰ কৰি পেলালে৷ বাঘজানৰ অগ্নি কাণ্ডৰ লগে লগে জনতাৰ হৃদয়ৰ পৰা অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্রতীক অইল ইণ্ডিয়া নৱৰত্ন কোম্পানীৰ দায়বদ্ধতাৰ ‘ইমেজ’ ধূলিসাৎ হৈ গ’ল৷ শীত–তাপ নিয়ন্ত্রিত কোঠাৰ আৰামী চকীত বহি থকা একাংশ বিষয়াই অইল ইণ্ডিয়াৰ এটা অতি গুৰুত্বপূর্ণ বিভাগ খাম–খেয়ালিৰ মাজেৰে চলাই থকাৰ অভিযোগ উত্থাপন হৈছে৷ বাঘজান কাণ্ডই অইল ইণ্ডিয়াৰ ভিতৰচ’ৰাৰ ফোঁপোলা স্বৰূপটো এতিয়া উদঙাই দিলে৷ জানিব পৰা মতে, বাঘজান বি জি আৰ–৫ত যোৱা ২৬ মে’ৰ দিনাই উচ্চচাপযুক্ত তেলে গেছখাদটোত কাৰিকৰী ভাষাত ‘কিক’ আৰু ‘শ্লাগ’ মাৰিছিল৷ সেই সময়ত ‘ৱর্ক অভাৰ’ নিৰীক্ষণত থকা গুজৰাটৰ ‘জন এনার্জী লিমিটেড নামৰ ঠিকাদাৰী প্রতিষ্ঠানটোৰ তদাৰকীয়ে অইল ইণ্ডিয়াৰ বিভাগীয় বিষয়াক এই বিষয়ে অৱগত কৰে৷ লক্ষণীয় যে লগে লগে স্পর্শকাতৰ বিষয়টোত কোনোধৰণৰ যাৱতীয় প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ ব্ল–আউটৰ ঘটনা যোৱা ২৭ মে’ বুধবাৰৰ৷ অইল ইণ্ডিয়াৰ ড্রিলিং–পাৰেচনেল সম্পর্কীয় কাম–কাজ সন্দর্ভত প্রত্যেক বুধবাৰে এখন পর্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়৷ প্রডাকচন এণ্ড ছার্ভিচৰ কার্যবাহী সঞ্চালক অতীন্দ্র ৰায়চৌধুৰীৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকতে বিভাগীয় বিষয়াৰ উপস্থিতিত গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হয়৷ অইল ইণ্ডিয়াৰ এক সূত্রই প্রকাশ কৰা অনুসৰি এই বৈঠকত লোৱা সিদ্ধান্তৰ পাছতেই অর্থাৎ ২৪ ঘণ্টাৰ মূৰত কেতবোৰ বিসংগতিপূর্ণ উপসর্গৰ উদ্ভৱ ঘটা গেছখাদটোত মেৰামতিৰ কাম আৰম্ভ হয়৷ অর্থাৎ গেছখাদটোৰ মুখত থকাOil Head Spollত লিকেজ প্রত্যক্ষ কৰি জন এনার্জী লিমিটেডৰ কর্মচাৰীয়ে বি অ’ পি(Blow Out Preventor) খুলি অইল হেড সলনি খৰাৰ চেষ্টা চলাইছিল৷ সেই সময়ত সামগ্রিক কাম–কাজ তদাৰক কৰাৰ বাবে অইল ইণ্ডিয়া লিমিটেড তথা জন এনার্জীৰ কাৰিকৰী বিশেষজ্ঞ অথবা কোনো বিষয়া উপস্থিত নথকা বিষয়টো সন্দেহৰ আৱর্তত৷ অভিযোগ অনুসৰি ক্ষেত্রীয় অঞ্চল পৰিদর্শন নকৰি শীত–তাপ নিয়ন্ত্রিত কোঠাৰ পৰাই ফোনযোগে নির্দেশ দি আহিছিল ড্রিলিঙৰ বিভাগীয় বিষয়াসকলে৷ ইতিমধ্যে গেছখাদটোৰ চিমেণ্টিঙৰ ব্যৱস্থা কৰি থোৱা হৈছিল৷ অইল ইণ্ডিয়াৰ ষ্টেণ্ডার্ড অপাৰেচন প্রচিডিউৰ (এছ অ’ পি) অনুসৰি চিমেণ্টিং প্রক্রিয়া সম্পূর্ণ হ’বলৈ ৪৮ ঘণ্টা সময়ৰ প্রয়োজন৷ ৪৮ ঘণ্টা সম্পূর্ণ হোৱাৰ পাছতেই সংশ্লিষ্ট খাদটোত কাম চলাব পৰাকৈ সক্ষম হৈ উঠে৷ সেই সময়ত দায়িত্বত থকা অইল ইণ্ডিয়াৰ কেমিষ্টগৰাকীয়ে ল’গ বুকত টোকা লিখি আহিছিল যে ঘটনাৰ পিছদিনা অর্থাৎ ২৮ মে’ৰ বিয়লি ৪ বজাত চিমেণ্টিং প্রক্রিয়া ৪৮ ঘণ্টা সম্পূর্ণ হ’ব৷ কিন্তু ৪৮ ঘণ্টাৰ পূর্বেই অর্থাৎ ২৭ মে’ৰ দিনাই অইল ইণ্ডিয়াৰ নির্ধাৰিত এছ অ’ পি ভংগ কৰি অইল হেডৰ বি অ’ পি খোলাৰ দৰে এক গুৰুত্বপূর্ণ সিদ্ধান্ত কিয় ল’ব লগা হ’ল, তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ ইয়াৰ পাছতেই ব্ল–আউটৰ ভয়ংকৰ ঘটনাটোৰ সূত্রপাত ঘটে৷ ভয়ংকৰ গর্জনেৰে প্রায় ৪,৫০০ পি এছ আই চাপত নির্গত কনডেনছেট মিহলি বিষাক্ত গেছত উৱাদিহ হেৰুৱাই পেলায় গাঁৱৰ ৰাইজে৷ অইল বিষয়াৰ কাৰিকৰী জ্ঞানৰ অভাৱত তথা ভুল সিদ্ধান্তৰ বাবেই এই ঘটনা সংঘটিত হ’বলৈ পালে বুলি সর্বত্র চর্চা হৈছে৷ এই বিষয়ত অইল ইণ্ডিয়াই ইতিমধ্যে নিজাববীয়াকৈ তদন্ত চলোৱা বুলি পূর্বেই উল্লেখ কৰিছে৷ সমান্তৰালভাৱে কেন্দ্রীয় চৰকাৰৰ শ্রম আৰু নিয়োগ মন্ত্রালয়ৰ অধীনস্থ ডাইৰেক্টৰেট জেনেৰেল অৱ মাইনছ ছেফ্টীৰ লগতে পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ অধীনস্থ অইল ইণ্ডাষ্ট্রী ছেফ্টী ডাইৰেক্টৰেটে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ তদন্তত বাঘজান বি জি আৰ–৫ৰ দায়িত্বত থকা অইল ড্রিলিং ইনচার্জ দেৱজিৎ দাস আৰু অইল উৎপাদন শাখাৰ মুখ্য অভিযন্তা বিদ্যুৎ পৱন দাসক চাকৰিৰ পৰা নিলম্বন কৰাক লৈ আন এক চর্চা হৈছে৷ এইক্ষেত্রত অইল ইণ্ডিয়াৰ এছ অ’ পি ভংগকাৰী অদক্ষ বিষয়াসকলৰ বিৰুদ্ধে কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ নকৰি কেৱল উক্ত বিষয়া দুজনক চাকৰিৰ পৰা আঁতৰাই জনচক্ষুৰ পৰা নিজৰ দোষ আঁতৰাবলৈ অইল ইণ্ডিয়া কর্তৃপক্ষৰ স্বজন–তোষণৰ প্রতিও সন্দেহৰ অঙুলি টোঁৱাইছে বিভিন্নজনে৷ এইক্ষেত্রত ব্ল–আউটৰ পূর্বে যোৱা ২৭ মে’ৰ পুৱাৰ ভাগত অনুষ্ঠিত বৈঠকখনৰ বিষয়বস্তুক তদন্তৰ আওতালৈ আনিলেই সকলো বিষয় স্পষ্ট হৈ পৰিব বুলি একাংশই মত পোষণ কৰিছে৷ বিভাগীয় বিষয়াসকলৰ কাৰিকৰী দক্ষতাক লৈও প্রশ্ণ উত্থাপন হৈছে৷ অভিযোগ উত্থাপিত অনুসৰি এনেদৰে কিছুসংখ্যক অদক্ষ বিষয়াৰ গাফিলতিতে অইল ইণ্ডিয়ালৈ আহি পৰা সংকটক কেন্দ্রীয় চৰকাৰে কিদৰে গ্রহণ কৰে, সেয়া অনাগত সময়ত লক্ষণীয় হ’ব৷

You might also like