নিয়মীয়া বাৰ্তা, ১২ জুনঃ ‘যুদ্ধবিৰতি’ৰ সংজ্ঞা যেন পাহৰি গৈছে পাকিস্তানে। ভাৰতলৈ লক্ষ্য কৰি বন্দুক চালনাই যেন এতিয়া ‘যুদ্ধবিৰতি’। এই ধাৰা অক্ষুণ্ণ ৰাখি আজিও পুনৰ জম্মু-কাশ্মীৰৰ বাৰামূলা জিলাৰ উৰি ছেক্টৰত পাকিস্তানে অপ্ৰৰোচিতভাৱে ভীষণ গুলীবৰ্ষণ কৰে বুলি সেনা সূত্ৰই প্ৰকাশ কৰিছে।
ঘটনাৰ বিস্তাৰিত খবৰ এতিয়াও সেনা সূত্ৰই প্ৰকাশ কৰা নাই যদিও অঞ্চলটোৰে সংলগ্ন চাৰিখন গাঁৱৰ বাসিন্দাই যথেষ্ট উদ্বিগ্নতাৰ মাজত আছে। উল্লেখ্য, বিগত তিনি দিন ধৰি যুদ্ধবিৰতি ভংগ কৰি গুলীচালনা কৰি আহিছে পাকিস্তানে।
যোৱা বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰি ছেক্টৰত কৰা এনে গুলীচালনাত এগৰাকী ভাৰতীয় জোৱানে প্ৰাণাহুতি দিব লগা হৈছিল।