বোকাজান চিমেণ্ট কাৰখানাৰ সম্প্ৰসাৰণৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ দাবী আছুৰ; প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ
নিয়মীয়া বাৰ্তা, ১২ জুনঃ অসমৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ চিমেণ্ট উদ্যোগ বোকাজান চিমেণ্ট কাৰাখানাত বিপদ ঘণ্টা বাজিছে৷
১৯৭১ চনতে সেই সময়ৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰী ফকৰুদ্দিন আলি আহমেদে আধাৰশিলা স্থাপন কৰা বোকাজান চিমেণ্ট ফেক্টৰীৰ উৎপাদন কাৰ্য আৰম্ভ হয় ১৯৭৬ চনৰ পৰা ৷ তেতিয়াৰ পৰাই আজি পৰ্যন্ত লোকচানৰ সন্মুখীন হোৱা নাই বোকাজান চিমেণ্ট ফেক্টৰীৰ ৷
আনকি ভাৰতীয় চিমেণ্ট নিগমৰ অধীনৰ ১১ টা ফেক্টৰীৰ ভিতৰত ৮ টাকৈ ফেক্টৰী বন্ধ হৈ ৰুগ্ন উদ্যোগ হিচাৱে ঘোষণা কৰাৰ পাছতো বোকাজান চিমেণ্ট ফেক্টৰীয়ে সগৌৰৱে লাভৰ মুখ দেখুৱাই আহিছে ৷
কিন্তু সম্প্ৰতি বোকাজান চিমেণ্ট ফেক্টৰীলৈ নামি আহিছে অশনি সংকেত ৷ ভাৰতীয় চিমেণ্ট নিগম আৰু দিল্লী লৱীৰ অমনোযোগিতা আৰু ষড়যন্ত্ৰৰ বাবেই বন্ধ হোৱাৰ দিশে আগবাঢ়িছে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ চিমেণ্ট উদ্যোগ বোকাজান চিমেণ্ট ফেক্টৰী৷
১৯৭১ চনতে স্থাপিত বোকাজান চিমেণ্ট ফেক্টৰীৰ ম্যাদ ২০০৭ চনতে শেষ হ’ল যদিও সমাধান নহ’ল ফেক্টৰীটোৰ পুনঃগঠন আৰু সম্প্ৰসাৰণৰ কাম ৷
২০১০ চনতে লাভজনক বোকাজান চিমেণ্ট ফেক্টৰীৰ সম্প্ৰসাৰণৰ বাবে নিগমে ১৪২.৫ কোটি টকা নিগমে আবণ্টন জনাই প্ৰমেক নামৰ এটা কোম্পানীক নিৰ্মাণৰ দায়িত্ব দিছিল যদিও পঁচিশ শতাংশ কাম সম্পূৰ্ণ কৰাৰ পাছতেই ৰহস্যজনক ভাবে বন্ধ হৈ পৰে সম্প্ৰসাৰণৰ কাম ৷
২০১৩ চনতেই এই সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ হ’ব লাগিছিল যদিও আজিলৈকে নহ’ল এই কাম ৷ এই সম্প্ৰসাৰণ গোটটো স্থাপন হোৱা হ’লে বোকাজান চিমেণ্ট ফেক্টৰীৰ দৈনিক উৎপাদন ৬০০ মেট্ৰিক টনৰ পৰা ১২০০ মেট্ৰিক টনলৈ বৃদ্ধি হোৱাৰ লগতে নিযুক্তি পালে হেতেন বহু থলুৱা নিবনুৱা যুৱক যুৱতীয়ে ৷
দিল্লীৰ শাসক যন্ত্ৰই সদায় মাহী আইৰ দৃষ্টিৰে চোৱা উত্তৰ পূৰ্বাঞ্চলৰ এই উদ্যোগটিৰ প্ৰতি দেখুৱাই অহা অনীহাৰ বাবে আশ্বৰ্য প্ৰকাশ কৰি বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই আজি সম্প্ৰসাৰণৰ কাম শীঘ্ৰে আৰম্ভ কৰা, ১০০ শতাংশ থলুৱাক নিযুক্তি আৰু বায়ু প্ৰদুষণ ৰোধ কৰাৰ দাবীত ফেক্টৰীৰ সমুখত ধৰ্ণা প্ৰদান কৰাৰ লগতে বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷