নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ জুন, জেঠ মাহৰ ৩০ তাৰিখ

আজিৰ দিনটোৰ ৰাশিফল
আজি ১৩ জুন, জেঠ মাহৰ ৩০ তাৰিখ
মেষঃ দিনটোত বিশেষ সাৱধানেৰে চলা ভাল৷ বিদ্যার্থীসকল অধ্যয়নৰ ক্ষেত্রত চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব৷ শুভ ৰং ৰঙা, সংখ্যা ৯৷
বৃষঃ বন্ধু–ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব৷ বাহ্যিক কর্মত মন দিবলগা হোৱাত মূল কর্মত কিছু অৱহেলিত হ’ব পাৰে৷ দাম্পত্যত মত বিৰোধ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫৷
মিথুনঃ পুৱা দহ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব৷ বিদ্যাত মধ্যম৷ মাতা–পিতাৰ কাৰণে দিনটো শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷
কর্কটঃ পৰাপক্ষত স্পর্শকাতৰ কথা এৰাই চলক৷ আর্থিক দিশত আয়ৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত বাধা৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ২৷
সিংহঃ ঘৰুৱাত কিছু ভালেই দেখা যায়৷ দুই–এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে৷ কর্মক্ষেত্রত মানসিক অশান্তিৰ কাৰকতা৷ প্রেমত আনন্দ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
কন্যাঃ কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব৷ হাতলৈ অহা ধনৰ সদ্ব্যৱহাৰ কৰোঁ বুলিও অলপ বাধাগ্রস্ত হ’ব৷ দাম্পত্যত মধ্যম৷ ৰাজনীতিকসকলে বিশেষ সতর্ক হওক৷ শুভ ৰং সেউজীয়া, সংখ্যা ৫৷
তুলাঃ প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷
বৃশ্চিকঃ কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্রগতি লভিব৷ মানসিক অৱস্থা মধ্যম৷ আশা কৰা কোনো যোগাযোগত উপকৃত হ’ব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷
ধনুঃ খৰচ–পাতি ৰোধ কৰাৰ যত্ন কৰক৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ বিদ্যাত বেয়া নহ’ব৷ প্রেমত বাধা৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং হালধীয়া, সংখ্যা ৩৷
মকৰঃ ক্রমে দিনটো উন্নত অনুভৱ কৰিব৷ কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ প্রেম–প্রণয়ত উৎসাহ৷ শুভ ৰং নীলা, সংখ্যা ৮৷
কুম্ভঃ পুৱা ভাগতকৈ আবেলি ভাগত উন্নত ফল লাভ কৰিব৷ কর্মস্থানত ভালেই দেখা যায়৷ বিদ্যাত কিছু আশাপ্রদ৷ শৰীৰ মধ্যম৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷
মীনঃ কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব৷ বেংক কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব৷ হাতলৈ ধন অহাৰ যোগ আছে৷ প্রেম–প্রণয়ত সাময়িক বাধা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

You might also like