নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থান ফুটবল ক্লাবৰ হৈ খেলা চিৰাঙৰ খেলুৱৈ কোভিড-১৯ ত আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ১৩ জুন: চিৰাঙত যোৱা দুদিনমানৰ পৰা প্ৰতিদিনে এজন-দুজনকৈ কোভিড-১৯ পজিটিভৰ সংখ্যা বৃদ্ধি হৈ আছে।

আজি জিলা সদৰস্থিত দুটা পৃথক কোৱাৰেন্টাইন শিবিৰৰ বহিঃৰাজ্যফেৰৎ দুই যুৱকৰ ছোৱাব পৰীক্ষাৰ ফলাফল পজিটিভ বুলি জানিব পৰা গৈছে।

কেইদিনমান আগলৈকে তুলনামূলকভাৱে অতি কম সংখ্যক কোভিড-১৯ত আক্ৰান্তৰ তালিকাত থকা জিলা খনত নিতৌ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাত জিলাৰ সৰ্বসাধাৰণ ৰাইজ কিছু পৰিমাণে চিন্তিত হৈ পৰিছে।

চিৰাং জিলা স্বাস্থ্য বিভাগৰ এক সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে জিলাখনৰ সৰ্বসাধাৰণ ৰাইজ শংকিত হোৱাৰ কাৰণ নাই। অসম চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনা মানি চলিলে জনসাধাৰণ শংকা মুক্ত হৈ থাকিব পাৰিব বুলি জনায়।

বৰ্তমানলৈ জিলা খনত চিনাক্ত হোৱা কোভিড-১৯ আক্ৰান্ত আটাইকেইজন বহিঃৰাজ্যৰ পৰা অহা লোক।

আজি জিলা স্বাস্থ্য বিভাগে গুৱাহাটীৰ পৰীক্ষাগাৰৰ পৰা লাভ কৰা তথ্য মতে কাজলগাঁও হাইস্কুলৰ কোৱাৰেন্টাইন শিবিৰত যোৱা ৬ জুনত আৰু ইউ এন ব্ৰহ্ম কনিষ্ঠ মহাবিদ্যালয় শিবিৰত ৮ জুনত ছোৱাব সংগ্ৰহ কৰা মঃ জাহিদুল ইছলাম (১৯) আৰু ৰাম মুখীয়া(১৭) কোভিড-১৯ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত। এই তথ্য লাভ কৰা মাত্ৰেই জিলা স্বাস্থ্য বিভাগে দুয়োজনক ততাতৈয়াকৈ কোৱাৰেন্টাইন শিবিৰৰ পৰা উপেন্দ্ৰ নাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰিত কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে।

বিজনী ছাৰাগাঁৱৰ বাসিন্দা জাহিদুলে গুজৰাটত এটা ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত আছিল। বাছেৰে আহি চিৰাঙত উপস্থিত হোৱাৰ পিছত তেওঁক কোৱাৰেন্টাইন শিবিৰত ৰখা হয়।

আনহাতে জিলা খনৰ ৰুণিখাটা থানাৰ অন্তৰ্গত তথা ভূটান সীমান্তৱৰ্তী হাতীসাৰ দাদাগিৰী অঞ্চলৰ উদীয়মান ফুটবল খেলুৱৈ ৰাম মুখীয়াই ৰাজস্থানৰ এটা ফুটবল ক্লাৱৰ সদস্য হিচাপে খেলত অংশগ্ৰহণ কৰিছিল । তেওঁৰ সতীৰ্থ খেলুৱৈ কেইজনমান কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছত তেওঁ ৰে’লযোগে গৃহৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰে। আজি তেওঁ নিজেও কোভিড-১৯ত আক্ৰান্ত বুলি নিশ্চিত হয়।

চিৰাং জিলা স্বাস্থ্য বিভাগে আজি ও জিলাখনৰ অৰ্ধসামৰিক বাহিনীৰ শিবিৰ, গাঁও,চুবুৰী আদি বিভিন্ন স্থানত স্বাস্থ্য পৰীক্ষা আৰু ছোৱাব সংগ্ৰহ কাৰ্য অব্যাহত ৰাখিছে।

বাতৰি যুগত কৰা মুহূৰ্তলৈ এজন শিশুকে ধৰি জিলাৰ মুঠ ১৭জন ব্যক্তি এই ৰোগত আক্ৰান্ত হৈছে । তেওঁলোকৰ ভিতৰত এজনক বৰপেটা এফ এ এ মেডিকেল কলেজলৈ স্থানান্তৰ কৰাৰ বিপৰীতে বাকী আটাইকেইজনক কাজলগাঁও জেএছবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধিন কৰা হৈছে।

You might also like