নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া সন্তান গেৰি পেগুৰ দায়িত্ব ল’লে সুৰঞ্জন দত্তই

নিয়মীয়া বাৰ্তা, ১৩জুনঃ খোদ গুৱাহাটী মহানগৰীত দিন-দুপৰতে নৃশংসতাৰ বলি হোৱা ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া সন্তান গেৰি পেগুৰ দায়িত্ব ল’লে বিজেপিৰ মিডিয়া পেনেলিষ্ট সুৰঞ্জন দত্তই।এটি পুত্ৰহাৰা কণমানিৰ দায়িত্ব গ্ৰহণ কৰি মহানুভৱতাৰ পৰিচয় দিলে দত্তই।ঋতুপৰ্ণ পেগুৰ কৰুণ মৃত্যুৰ পাছত হতাশাত ভাঙি পৰিছিল পত্নী এলিনা পেগু।চৰকাৰলৈ সহায়ৰ বাবে আশাৰে ৰৈ থকা পৰিয়ালটোৰ বাবে দুখৰ মাজতো এয়া ভাল খবৰ।

উল্লেখযোগ্য যে আজি নিথৰুৱা কণমানি আৰু পত্নীক ৫০ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে লগতে পৰিয়ালটোৰ ন্যায় পাবলৈ কৰা আইনী যুঁজখনৰ সকলো ব্যয় বহন কৰাৰ কথাও ব্যক্ত কৰে বৰ্মনে। শীঘ্ৰে যাতে দোষীয়ে দৃষ্টান্তমূলক শাস্তি পায় তাৰেই আশা কৰে সকলোৱে।

You might also like