বাঘজান কাণ্ডত ক্ষতিগ্ৰস্ত ১০ হাজাৰ চাহ জনগোষ্ঠীক উচিত ক্ষতিপূৰণ দিয়ক অইলেঃ আটছা
নিয়মীয়া বাৰ্তা, ১৩ জুন : যুগ যুগ ধৰি অইল ইণ্ডিয়া লিমিটেডে চাহ বাগিছাসমূহ উচ্ছেদ কৰি তেল খাদ তথা অ’চিএছ স্হাপনেৰে চাহ জনগোষ্ঠীয় লোক আৰু চাহ উদ্যোগটোলৈ ভয়ানক বিপদ কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰিছে আটছাই ।
আনহাতে বাঘজান অইল বিজিআৰ -৫ ত সংঘটিত ভয়াবহ কাণ্ড অইলৰ নিজা ভুলৰ বাবেই সংঘটিত হোৱাৰ অভিযোগ তুলি বৃহত্তৰ অঞ্চলটোৰ ১০ হাজাৰোধিক ক্ষতিগ্ৰস্ত চাহ জনগোষ্ঠীয় লোকক তেওঁলোকৰ জীৱন জীৱিকা টনকিয়াল নোহোৱালৈকে উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে ।
অসম চাহ জনজাতি ছাত্ৰ সন্হা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত কালি পুৰণি ডিৰিয়াল চাহ বাগিছাৰ শ্ৰমিক ক্লাৱত অনুষ্ঠিত এক জৰুৰী সভাত উত্থাপিত হয় উক্ত অভিযোগ আৰু দাবীসমূহ ।
জিলা সমিতিৰ সভাপতি বিমল বাঘৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সমিতিৰ সম্পাদক লক্ষীন্দৰ কূৰ্মীয়ে ।
আনহাতে বিভাগীয় কাৰিকৰী দক্ষতা নথকা এগৰাকী বিষয়াই অইলৰ গুৰুত্বপূৰ্ণ বিভাগ এটা পৰিচালনা কৰি অহাত আশ্বৰ্য প্ৰকাশ কৰি সংগঠনটোৱে অতি সোনকালে বিভাগটোৰ শেহতীয়া কাম কাজৰ ওপৰত উচিত তদন্তৰ লগতে অভিযুক্ত বিষয়াগৰাকীকো নিলম্বনৰ দাবী তুলিছে আটছাই ।
অন্যথাই অনাগত সময়ত অইলৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সকিয়নী দিছে চাহ জনগোষ্ঠীয় সংগঠনটোৱে ।
সভাৰ পাছতেই সংগঠনটোৰ কৰ্মকৰ্তা সকলে দুলীয়াজান ৰেলৱে ষ্টেচনৰ প্ৰাংগণত বাঘজান কাণ্ডত মৃত্যু হোৱা অইলৰ দুই কৰ্মচাৰী তীখেশ্বৰ গোহাঁই আৰু দূৰ্লভ গগৈৰ আত্মাৰ সদ্গতি কামনাৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।