নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ।

ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাবলৈ আহ্বান জনালে আজমলে।

লগতে হত্যাকাৰীক ফাঁচী দিয়াৰো দাবী জনাইছে বদৰুদ্দিন আজমলে।

ইফালে ঋতুপৰ্ণ পেগুৰ পৰিয়াললৈ আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে ১ লাখ টকাৰ এককালীন সাহায্যৰ কথা ঘোষণা কৰে আজমলে।

উল্লেখ্য যে গুৱাহাটীৰ নুনমাটিত শুকুৰবাৰে সামান্য তৰ্কা তৰ্কিতে ছুৰীৰে আঘাত কৰি হত্যা কৰে ৰিতুপৰ্ণ পেগু নামৰ এজন যুৱকজনক। নুনমাটিৰ আৰ্মান ফাৰ্নিছিং নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত শুকুৰবাৰে যুৱকজনক হত্যা কৰিছিল প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীসহ ৫ জন লোকে।

আনহাতে আজি এই ঘটনাৰ CID তদন্তৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

You might also like