নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ ৰূপত চপৰা–চপৰে খহিছে গেৰুকামুখ প্রকল্পৰ পাহাৰ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ যোৱা ২৭ মে’ৰ পৰা খহি আছে বহু বিতর্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ পাহাৰ–গার্ড ৱাল৷ লখিমপুৰ–ধেমাজিৰ সীমামূৰীয়া তথা অৰুণাচল সীমান্তৰ গেৰুকামুখত নির্মীয়মাণ ২০০০ মেগাৱাটৰ প্রকল্পটোৱে ভৱিষ্যতে উত্তৰ অসমক ধ্বংস কৰাৰ আশংকা সৃষ্টি কৰিছে৷ যোৱা ২৭ মে’ৰ পৰা দুবাৰকৈ নির্মীয়মাণ প্রকল্পটোৰ গার্ড ৱাল খহি পৰাৰ পাছত কালি পাহাৰ খহি পৰে৷ বিভিন্ন দল–সংগঠন তথা ৰাইজে প্রকল্পটো নির্মাণৰ আৰম্ভণীৰ পৰাই প্রতিবাদ সাব্যস্ত কৰি আহিছে৷ ঠুনুকা পাহাৰত ইমান বৃহৎ বান্ধ কোনোপধ্যেই সুৰক্ষিত নহয় আৰু ভূমিকম্প অথবা আন কোনো তেনে প্রাকৃতিক পৰিঘটনাত প্রকল্পটো ভাগি উত্তৰ অসমক ধ্বংসস্তূপত পৰিণত কৰাৰ আশংকাত প্রকল্পটোৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত হৈ আহিছে৷

ৰাইজ তথা দল–সংগঠনৰ এনে সন্দেহ, বিশেষজ্ঞ সমিতিৰ প্রতিবেদনৰ ৰিপ’ট আদিক সঁচা প্রমাণিত কৰি কেৱল কেইদিনমানৰ বৰষুণতে প্রকল্পটো ভয়াৱহ ৰূপত খহিবলৈ লৈছে৷ গার্ড ৱাল খহি নিশ্চিহ্ণ হোৱাৰ পাছত এইবাৰ পাহাৰ খহাৰ ফলত প্রকল্পৰ মূল বান্ধৰ ওচৰলৈ যোৱা পথটোও নোহোৱা হৈ পৰিল৷ প্রকল্পটো সম্পূর্ণ নৌহওঁতেই আৰু কোনো প্রাকৃতিক দুর্যোগ নোহোৱাকৈয়ে কেৱল বৰষুণৰ ফলতে প্রকল্পটো খহি থানবান হৈ পৰাত অদূৰ ভৱিষ্যতে বান্ধটো এক জলবোমা হ’ব বুলি ৰাইজে কৰা আশংকা এতিয়াই সত্য প্রমাণিত হৈছে৷

উল্লেখ্য যে ৪০৫ মেগাৱাটৰ ৰঙানদী প্রকল্পই লখিমপুৰক প্রতিবছৰে যেনেদৰে বিস্তৰ ক্ষতি কৰি আহিছে, তেনেদৰে নির্মাণ সম্পূর্ণ হোৱাৰ পাছত ২০০০ মেগাৱাটৰ সোৱণশিৰি প্রকল্পই লখিমপুৰ অথবা ধেমাজিকে নহয়, সমগ্র উত্তৰ অসম বিধ্বস্ত কৰিব৷ সম্প্রতি প্রকল্পটোত এনে ভয়াৱহ ঘটনা ঘটাৰ পাছতো কেন্দ্র অথবা ৰাজ্য চৰকাৰে বুজ লোৱাৰ আহৰি পোৱা নাই৷ ৰাইজক আশ্বস্ত কৰিব পৰাকৈ বক্তব্য ৰখাৰো প্রয়োজনবোধ কৰা নাই৷ কিন্তু কেইবছৰমান আগলৈকে এই প্রকল্পৰ বিৰুদ্ধে প্রতিবাদত সৰৱ হৈ আছিল এতিয়া দিল্লী–দিছপুৰৰ ক্ষমতাত থকা গৰিষ্ঠসংখ্যক নেতা৷ অগপ–বিজেপিয়ে তীব্র প্রতিবাদেৰে তেতিয়া ৰাইজৰ পক্ষত থিয় দিছিল৷ ৰাজনাথ সিঙৰ পৰা ৰঞ্জিত দত্ত, বিজয়া চক্রৱর্তী, ৰমেন ডেকা, প্রশান্ত ফুকন আদি দিল্লী–দিছপুৰৰ অনেক নেতাই প্রতিবাদী মিছিলত চামিল হৈছিল৷ অগপয়ো পূর্ণোদ্যমে প্রতিবাদত লিপ্ত লৈছিল৷ পিছে সময় বাগৰি গৈ তেওঁলোক ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছত বৃহৎ বান্ধবিৰোধী প্রতিবাদী সত্ত্বা নোহোৱা হৈ পৰিল৷ আনকি যোৱা কেইদিনমানৰ পৰা প্রকল্পথলীত হৈ থকা অঘটনবোৰৰ বিষয়ে বুজ ল’বলৈও তেওঁলোকৰ আহৰি নোহোৱা হ’ল৷

ইপিনে, কালি বীৰ লাচিত সেনাৰ শৃংখল চলিহাসহ কেন্দ্রীয় নেতৃবৃন্দই লখিমপুৰত প্রকল্পটোৰ বিৰুদ্ধে হুংকাৰ দিছে৷ সকীয়নি দিছে দিল্লী–দিছপুৰক৷ উল্লেখ্য যে দীর্ঘদিন ধৰি প্রকল্পটোৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত হৈ আহিলেও সংঘবদ্ধ নাছিল প্রতিবাদী ধাৰা৷ কিন্তু ২০১১ চনত শতাধিক সংগঠন ঐক্যবদ্ধ হৈ লখিমপুৰ–ধেমাজিত প্রবল প্রতিবাদ সাব্যস্ত কৰিছিল৷ জুই জ্বলিছিল দুয়োখন জিলাতে৷ প্রতিবাদেৰ উত্তাপৰ প্রকোপত তেতিয়া চৰকাৰে প্রকল্পটো বন্ধ ৰাখিবলৈ বাধ্য হৈছিল৷ প্রতিবাদকাৰীয়ে অৱৰোধ কৰাৰ ফলত বৃহৎ যন্ত্রাংশ লৈ জহি–খহি নিঃশেষ হৈ পৰা এখন ট্রাকৰ অৱশিষ্ট এতিয়াও পৰি আছে লখিমপুৰ নগৰৰ খেলপথাৰত৷ সাম্প্রাতিক ঘটনাপ্রৱাহ আৰু চৰকাৰ তথা এনএইচপিচিৰ ভূমিকাই পুনৰ লখিমপুৰ–ধেমাজিত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ দিশে আগুৱাই নিছে৷

You might also like