ভাৰতত এদিনত সৰ্বাধিক ১১,৯২৯ ক’ভিড-১৯ ৰোগী চিনাক্ত
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ ক’ভিড-১৯ত আক্ৰান্তৰ গ্ৰাফ ক্ৰমাৎ ঊৰ্ধ্বমুখী হৈ গৈ আছে ভাৰতত। বিগত তিনি দিনত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যাই ১০,০০০ৰ সীমা চুই দেওবাৰলৈ ২৪ ঘণ্টাত ১১,৯২৯ৰ সংখ্যা চুইছেগৈ।
ইতিমধ্যে ৩.২২ লাখৰ সীমা অতিক্ৰমেৰে ভাৰতে বিশ্বৰ চতুৰ্থতম স্থানত উপনীত হৈছে। ৫.২৮ লাখ আক্ৰান্তৰ সংখ্যাৰে ৰাছিয়া তৃতীয় স্থানত আছে। ঘন জনবসতিপূৰ্ণ অঞ্চল তথা প্ৰবল জনসংখ্যাৰ দেশ ভাৰতে যে আৰু কেইদিনমানৰ ভিতৰতে ৰাছিয়াক পিছ পেলাব, তাত কোনো সন্দেহ নাই।
গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ৯২০৫গৰাকী ক’ভিড-১৯ত আক্ৰান্ত ৰোগী ইতিমধ্যে মৃত্যুমুখত পৰিছে। আন দেশৰ তুলনাত মৃত্যুৰ এই হাৰ কম যদিও ক’ভিড-১৯ত আক্ৰান্তৰ ঊৰ্ধ্বগামী গ্ৰাফে ভাৰতক বিপদত পেলোৱাৰ আশংকা আছে।