গুজৰাটত গুৱাহাটীৰ যুৱকক দলবদ্ধ আক্রমণ
নিয়মীয়া বাৰ্তা ১৫ জুনঃ ক’ভিড–১৯ত আক্রান্তৰ সন্দেহত গুজৰাটৰ চুৰাটত দলবদ্ধ আক্রমণৰ বলি হ’ল গুৱাহাটীৰ এজন যুৱক৷ বিগত কেইটামান বছৰ ধৰি গুৱাহাটীৰ সঞ্জয় শর্মা নামৰ যুৱকজনে চুৰাটৰ এখন ‘কেটাৰিং ফার্ম’ত কাম কৰি আছিল৷ কিন্তু লকডাউনৰ পৰিপ্রেক্ষিতত যোৱা তিনি মাহ ধৰি কর্মহীন হৈ পৰিছিল তেওঁ৷ যাৰ বাবে তেওঁ ঘৰভাৰাও আদায় দিব পৰা নাছিল৷ উধানা আৰক্ষী সূত্রৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি সঞ্জয় শর্মাই ভাৰাতীয়া হিচাপে আছিল পাণ্ডেছাৰা এলেকাৰ গোৱালক নগৰত৷ অৱশ্যে চাৰি দিন পূর্বে আন কেইজনমান বন্ধুৰ সৈতে তেওঁ উধানা এলেকাৰ পেটেল নগৰলৈ ভাৰাঘৰ সলনি কৰে৷ কিন্তু স্থানীয় একাংশই সঞ্জয় শর্মাক পেটেল নগৰৰ ভাৰাঘৰত থাকিবলৈ দিয়া নহ’ব বুলি তেওঁৰ বন্ধুকেইজনক সকীয়াই দিয়ে৷ এইক্ষেত্রত স্থানীয় লোককেইজনে যুক্তি দিছিল যে পাণ্ডেছাৰাত ইতিমধ্যে ক’ভিড–১৯ সংক্রমিত হৈছে৷ গতিকে সঞ্জয় শর্মাও মাৰাত্মক ভাইৰাছত আক্রান্ত হ’ব পাৰে৷ এনেদৰে সকীয়াই দিয়াতেই ক্ষান্ত নাথাকি যোৱা শুকুৰবাৰে স্থানীয় তিনিজন যুৱকে সঞ্জয় শর্মাক নতুনকৈ লোৱা ভাৰাঘৰটো খালী কৰিবলৈ নির্দেশ দিয়ে৷ ইয়াক কেন্দ্র কৰি দুয়োপক্ষৰ মাজত কথাৰ কটাকটি হয় আৰু এটা সময়ত যুৱক তিনিজনে সঞ্জয় শর্মাক কাঠৰ টুকুৰাৰে উপর্যুপৰি প্রহাৰ কৰিবলৈ ধৰে৷ বন্ধুকেইজনে সঞ্জয় শর্মাক কোনোমতে ৰক্ষা কৰে যদিও আক্রমণকাৰীসকলে শীঘ্রে ভাৰাঘৰটো খালী কৰিবলৈ নির্দেশ দি গুচি যায়৷ দলবদ্ধ আক্রমণত আহত সঞ্জয় শর্মাক প্রথমতে স্থানীয় এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও পিছত তেওঁক চুৰাট মিউনিচিপাল ইনষ্টিটিউট অৱ মেডিকেল এডুকেচন এণ্ড ৰিছার্চ হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷ ইতিমধ্যে ঘটনা সন্দর্ভত সঞ্জয় শর্মাৰ বন্ধুকেইজনে উধানা থানাত এখন এজাহাৰ দাখিল কৰিছে৷ আক্রমণকাৰী তিনিজনক দীপু, নেপালী আৰু বুন্নী বুলি চিনাক্ত কৰা হৈছে৷ উধানা থানাৰ পৰিদর্শক এম ভি পেটেলে সংবাদ মাধ্যমৰ আগত ঘটনা সন্দর্ভত কয় যে আক্রমণৰ লগত স্থানীয় লোক জড়িত৷ সঞ্জয় শর্মাই পূর্বে বাস কৰা পাণ্ডেছাৰা এলেকাৰ লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ অভিযোগ কৰিছে একাংশই৷ আমি শীঘ্রে আক্রমণকাৰীক গ্রেপ্তাৰ কৰিম৷ ইফালে, দলবদ্ধ আক্রমণৰ বলি হোৱা সঞ্জয় শর্মাই হাত আৰু ভৰিত আঘাত পাইছে যদিও বর্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াজনে৷