নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত শিল–লাঠীৰে আক্রমণ নে গুলীয়াগুলী ? প্ৰকৃততে গলৱালত কি হৈছিল সোমবাৰৰ নিশা

নিয়মীয়া বাৰ্তা ১৭ জুনঃ ভাৰতীয় সেনাবাহিনীয়ে প্রকাশ কৰা বিবৃতিত দুয়োখন দেশৰ সেনাই শিলগুটি নিক্ষেপ আৰু লাঠী–ৰডেৰে পৰস্পৰক আক্রমণ চলাইছিল বুলি প্রকাশ কৰাৰ বিপৰীতে লাডাখস্থিত সেনাবাহিনীৰ এক সূত্রই প্রকাশ কৰিছে যে প্রথম অৱস্থাত হতাহতিৰ পর্যায়ত আছিল যদিও পিছলৈ দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত প্রচণ্ড গুলীয়াগুলী হৈছিল৷

সূত্রটোৰ মতে, এই ঘটনাৰ সূত্রপাত হৈছিল নিশা ৮ বজাত৷ সমুদ্র পৃষ্ঠৰ পৰা প্রায় ১৪,০০০ ফুট উচ্চতাত থকা গলৱালৰ ছাব ছেক্টৰ নর্থ (এছ এছ এন) পথৰ দাঁতিত থকা ছ্যোক নদীৰ পাৰে পাৰে ভাৰতীয় সেনাৰ এটা বৃহৎ দলে পেট্র’লিঙৰ বাবে গৈছিল৷ এই নির্দিষ্ট স্থানৰ পৰা পেট্র’লিং সামৰি উভতি অহাৰ সময়তে চীনা সেনাৰ এটা দলে ভাৰতীয় সেনাৰ দলক বাট ভেটি ধৰে আৰু তাতেই দুয়ো দলৰ মাজত প্রচণ্ড সংঘর্ষ সৃষ্টি হয়৷

ভাৰতীয় সেনাৰ প্রহাৰত চীনা সেনাৰ দলটো কিছু পিছহুঁহকি যোৱাৰ সময়তে পর্বতৰ ওপৰৰ পৰা পিপলছ লিবাৰেচন আর্মীৰ জোৱানে গুলীবর্ষণ কৰে৷ প্রত্যুত্তৰত ভাৰতীয় সেনায়ো গুলী চলায় আৰু দুয়োপক্ষৰ মাজত প্রায় আধা ঘণ্টা ধৰি প্রচণ্ড গুলীয়াগুলী চলি থাকে৷ এই গুলীয়াগুলীতে দুয়োপক্ষৰ বিষয়াসহ সেনা জোৱান নিহত হোৱা বুলি সূত্রটোৱে দাবী কৰিছে৷

অৱশ্যে লাডাখস্থিত সেনা সূত্রই এই দাবী কৰাৰ বিপৰীতে ‘গ্ল’বেল টাইমছ’ৰ মুখ্য সম্পাদক হু জি জিনে দাবী কৰিছে যে ভাৰতীয় সেনাবাহিনীহে প্রথমটো সংঘর্ষৰ সূত্রপাত ঘটাইছিল৷

ইপিনে এতিয়ালৈকে কোনো পক্ষই আনুষ্ঠানিকভাৱে প্রকাশ নকৰা কাৰণে প্রকৃততে সোমবাৰে নিশা আঠ বজাত গলৱালত হতাহতি হৈছিল নে গুলীয়াগুলী হৈছিল, সেয়া এতিয়া স্পষ্ট হোৱা নাই৷

You might also like