নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গলৱালত কিয় চকু চীন ভাৰতৰ?

৬০ দশকৰ পৰাই সংঘাত

নিয়মীয়া বাৰ্তা ১৭ জুনঃ গলৱাল উপত্যকাত ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত সংঘটিত সৰুসুৰা সংঘাত কোনো নতুন ঘটনা নহয়৷ চীন–ভাৰত সীমান্তৰ এই উপত্যকা অর্ধশতাব্দী পূর্বৰে পৰা অত্যন্ত স্পর্শকাতৰ হিচাপে বিবেচিত হৈ আহিছে৷ অঞ্চলটো আকছাই চীনৰ নাতিদূৰৈত৷ এই আকছাই চীন হ’ল বেইজিঙৰ নিয়ন্ত্রণাধীন৷ স্বাভাৱিকতে ইয়াৰ অৱস্থানৰ দুয়োখন দেশৰ বাবে কৌশলগত দিশৰ পৰা গভীৰ গুৰুত্ব আছে৷ ১৯৬২ চনৰ যুদ্ধত গলৱাল উপত্যকাত দুয়ো দেশৰ সৈন্যই নিজৰ শক্তি প্রদর্শন কৰিছিল৷ গলৱাল নদীৰ পৰাই এই উপত্যকাটোৱে নিজৰ পৰিচয় আহৰণ কৰিছে৷ ইয়াৰ ইতিহাস বহু পুৰণি৷ লেহৰ পৰা অহা এজন পৰিব্রাজক গুলাম ৰছুলে ব্রিটিছৰ শাসনৰ সময়ত উক্ত অঞ্চলত ভ্রমণ কৰি তথ্য সংগ্রহ কৰিব৷ তেওঁ আছিল এজন জ্ঞানী পুৰুষ৷ এই গোলাম ৰছুলৰ নামেৰেই নদীখনৰ নাম দিয়া হৈছিল গলৱাল৷ চীনে ১৯৫৬ চনত আকছাই চীনৰ যি সীমা নির্ধাৰণ কৰি দাবী উত্থাপন কৰিছিল তাৰ পশ্চিম দিশত অৱস্থিত এই গলৱাল নদী৷ কিন্তু ১৯৬০ চনত আগ্রাসন চলাই চীনে সীমা বৃদ্ধি কৰে আৰু ১৯৬২ চনৰ যুদ্ধৰ সময়তে গোটেই অঞ্চলটো দখল কৰে৷ তেতিয়াৰে পৰা দুয়োখন দেশে উক্ত অঞ্চলটোক লৈ কোনো বিবাদৰ সূচনা কৰা নাছিল৷ ১৯৬০ চনত বুজাবুজিৰ মাজেৰে দুয়োখন দেশে লাইন অৱ একচুৱেল কণ্ড্র’ল (এলএচি)ক লৈ সহমতত উপনীত হয়৷ কিন্তু ইয়াৰ পিছতো সমগ্র অঞ্চলটোৰ কোনো দ্বিপাক্ষিকভাৱে সন্মতিত উপনীত হোৱা মানচিত্র প্রস্তুত কৰা নহ’ল৷ দুয়ো পক্ষৰ দায়িত্বত নিয়োজিত সেনাৰ মাজতে এই বুজাবুজি সীমিত থাকে৷ এই সংঘাতৰ মূলতে হ’ল অঞ্চলটোত নতুন নির্মাণ কার্যৰে ভাৰতৰ তৎপৰতা৷ এনে নির্মাণকার্য চীনে সহ্য নকৰে৷ কাৰণ এই গলৱাল উপত্যকাৰে চিয়াচেন গ্লেছিয়াৰ হৈ আকছাই চীনলৈ পোনপটীয়া যোগাযোগ স্থাপনৰ সুযোগ পাব ভাৰতে৷ ভাৰতৰ এই তৎপৰতাক লৈ স্বাভাৱিকতে শংকিত হৈছে বিশ্ব কঁপাই থকা ৰঙা চীন৷ উল্লেখ্য যে উক্ত অঞ্চলত কোনো ধৰণৰ নির্মাণকার্য আৰম্ভ কৰাৰ চীনে আপত্তি দর্শাই আহিছিল৷ পথ নির্মাণৰ কামো হাতত নল’বলৈ পাকে–প্রকাৰে চীনে ভাৰতক সতর্ক কৰি আহিছে৷ কিন্তু ইয়াৰ পিছতো গলৱালত ভাৰতে এখন সুদীর্ঘ দলং নির্মাণ কৰে৷ কৌশলগতভাৱে অত্যন্ত স্পর্শকাতৰ শ্বিয়ক–দৌলৎ বেগ অ’ল্ডি ৰোডত নির্মাণ কৰা দলংখন যোৱা বছৰ ভাৰতৰ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে উন্মোচন কৰে৷ তেতিয়াৰে পৰা চীনে অঞ্চলটোত ক্রমান্বয়ে সেনা সঞ্চালন আৰম্ভ কৰে৷

You might also like