নিয়মীয়া বাৰ্তা ১৭ জুনঃ বিটিচিত এইবাৰ চৰকাৰ পৰিৱর্তন হোৱাটো নিশ্চিত৷ আগন্তুক বিটিচি নির্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷’ –এই মন্তব্য মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ৷ বিজেপিৰ জনসম্পর্কৰক্ষী অভিযান কার্যসূচীৰ অংশ হিচাপে আজি খৈৰাবাৰীত এখন দলীয় সভাত ভাগ লৈ মন্ত্রীগৰাকীয়ে আগন্তুক বিটিচি নির্বাচনৰ লগতে বিধানসভা নির্বাচনৰ বাবেও ঐক্যবদ্ধভাৱে সাজু হ’বলৈ দলীয় কার্যকর্তাসকলক আহ্বান জনায়৷ কলাইগাঁও সমষ্টিৰ পর্যবেক্ষকৰ দায়িত্বত থকা মন্ত্রী ভট্টাচার্যই বিধানসভা নির্বাচনত এইবাৰ কলাইগাঁৱৰ আসনখন বিজেপিয়ে লাভ কৰাটো নিশ্চিত বুলিও দাবী কৰে৷ খৈৰাবাৰী ভ্রমণ কালত মন্ত্রীগৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সদস্য (জনজাতি মর্চা) তথা কলাইগাঁও সমষ্টিৰ ভাবী প্রার্থী বাবুল বড়ো, বিটিচি নির্বাচনৰ খৈৰাবাৰী সমষ্টিৰ প্রার্থী ভবেন্দ্র বডো, মুদৈবড়ি সমষ্টিৰ প্রার্থী দিগন্ত বৰুৱা, বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি কার্তিক বডো, খৈৰাবাৰী মণ্ডলৰ সভানেত্রী বিনীতা কলিতা, কলাইগাঁও মণ্ডলৰ সভাপতি দুর্গেশ্বৰ নাথকে ধৰি দলীয় নেতা–পালিনেতাসকলে৷ ইপিনে, ৰাজ্যৰ ৫০ লাখ লোকক সাঙুৰি বিজেপিৰ জনসম্পর্ক ৰক্ষা অভিযানৰ অংশস্বৰূপে আজি কোকৰাঝাৰত উপস্থিত হয় জলসিঞ্চন মন্ত্রী ভৱেশ কলিতা৷ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি, দোতমা, কাৰিগাঁও অঞ্চলত মন্ত্রীগৰাকীয়ে জনতাৰ ঘৰে ঘৰে গৈ মত বিনিময় কৰি বিজেপিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে বিভিন্ন জনকল্যাণ আঁচনিৰ বিষয়ে অৱগত কৰে৷ পিছত মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আগন্তুক বিটিচি নির্বাচনত বিজেপিয়ে সর্বাধিক আসন লাভ কৰিব৷ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নাই আৰু বিজেপিক এতিয়া সকলো শ্রেণীৰ ৰাইজে আঁকোৱালি লৈছে বুলি মন্তব্য কৰি মন্ত্রী কলিতাই ক’ৰোনাৰ সংহাৰ কমাৰ পিছতে বিটিচিৰ নির্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে৷