নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত চিলিং ভাঙি পৰিল ক’ভিড আক্রান্ত

পলায়নৰ চেষ্টা কৰোঁতে আহত হ’ল

নিয়মীয়া বাৰ্তা ১৭ জুনঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তর্গত পাল্লীৰতল কোৱাৰেণ্টাইন কেন্দ্রত মঙলবাৰে পুৱতিনিশা এগৰাকী ক’ৰোনা ৰোগী পলায়ন কৰিব চেষ্টা কৰোঁতে দুর্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হয়৷ আহত লোকজন পাল্লীৰতল গাঁৱৰ জয়ফুদ্দিন শ্বেখ বুলি জনা গৈছে৷ জানিব পৰা মতে, পাল্লীৰতল প্রাথমিক বিদ্যালয়ত কোৱাৰেণ্টাইন কেন্দ্রত থকা দুজন লোকৰ শৰীৰত ক’ভিড–১৯ পজিটিভ ধৰা পৰে৷ মঙলবাৰে পুৱতিনিশা ৩.৩০ বজাত চিকিৎসক আৰু আৰক্ষীৰ এটা দলে কোৱাৰেণ্টাইন কেন্দ্রত উপস্থিত হৈ আন এজনৰ লগতে তেওঁক মাতিবলৈ ধৰোঁতে জয়ফুদ্দিন শ্বেখে বিদ্যালয় গৃহৰ চিলিঙত উঠি পলায়ন কৰিবলৈ চেষ্টা কৰে৷ কিন্তু জয়ফুদ্দিন শ্বেখ বিদ্যালয় গৃহৰ চিলিং ভাঙি মজিয়াত পৰি গুৰুতৰভাৱে আহত হয়৷ আহত লোকজনক চিকিৎসক আৰু আৰক্ষীৰ দলে উদ্ধাৰ কৰি ততাতৈয়াকৈ বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ আহত লোকজন মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ অতি সংকটজনক অৱস্থাত বর্তমান আই চি ইউত চিকিৎসাধীন হৈ আছে বুলি বঙাইগাঁও জিলা উপায়ুক্তই প্রকাশ কৰিছে৷

You might also like