ক’ৰোনাৰ আতংকৰ মাজতে মৰিগাঁৱত গৰু চোৰৰ সন্ত্ৰাস; জব্দ ৯ তাকৈ গৰু
নিয়মীয়া বাৰ্তা, ১৭ জুন: গৰু চোৰৰ সন্ত্ৰাসত নিদ্ৰাহৰণ হৈছে মৰিগাঁও চহৰৰ সমীপৱৰ্তী দন্দুৱা বনপৰা, পাত্ৰবৰী আদি অঞ্চল। কৃষকৰ গোহালি উদং কৰি নিশাটোৰ ভিতৰতে গৰু চুৰ হোৱাৰ পিছত এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত দন্দুৱা বনপৰা অঞ্চলৰ কৃষক কেওবৰ বৰদলৈ আৰু তেওঁৰ পৰিয়ালে।
প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱতি নিশা বনপৰা অঞ্চলৰ বাসিন্দা দৰিদ্ৰ কৃষক কেওবৰ বৰদলৈ শুই থকা অৱস্থাত নিশা প্ৰায় ১ মান বজাত চোৰে চুৰি কৰি নিয়ে লক্ষাধিক টকা মূল্যৰ এহাল বলদ গৰু। ঘটনাৰ কিছু সময় পিছতে এই সম্পৰ্কে জানিব পাৰি কেওবৰ বৰদলৈ আৰু স্থানীয় দুজনমান ব্যক্তিয়ে গৰুৰ খোজৰ চিন চাই চাই উপস্থিত হয়গৈ নাতিদূৰৰ ডলবাৰী অঞ্চলৰ আব্দুল মজিদ ৰ ঘৰত। কিন্তু ঘৰ টোত প্ৰৱেশ কৰি হতভম্ব হৈ পৰে ব্যক্তি কেইজন। কাৰণ ইতিমধ্যে চুৰ ৰ দলে ডিঙি কাটি হত্যা কৰিছিল দুইটা গৰু।
আনহাতে লগে লগে এই সম্পৰ্কত মৰিগাঁও আৰক্ষী ক খবৰ দিয়া হয় কিন্তু ইতিমধ্যে চোৰৰ দলে পলায়ন কৰিবলৈ সক্ষম হয়। আনহাতে আৰক্ষী উপস্থিত হৈ সন্দেহ ৰ আধাৰত জোচেফ নামৰ এজন যুৱকক কৰায়ত্ব কৰি জেৰা চলাই আছে।
আনহাতে উক্ত ঘটনা স্থলীৰ পৰা আৰক্ষীয়ে ৯ তা গৰু উদ্ধাৰ কৰিছে। আনহাতে বনপৰা অঞ্চলৰ ৰাইজে আৰক্ষী ক গৰু চোৰৰ বিৰুদ্ধে কটোৰতম প্ৰদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে। উল্লেখ্য মৰিগাঁও জিলাৰ জালুগুটিৰ আৰম্ভ কৰি ডলবাৰীলৈকে গৰু চোৰৰ এক বৃহৎ চক্ৰ বিগত কেবাটাও বছৰ জুৰি সক্ৰিয় হৈ আছে। বহু কৃষকৰ গো ধন এই চক্ৰটোৱে চুৰি কৰি নিশাটোৰ ভিতৰতে বৃহৎ বৃহৎ অট্টালিকাৰ গৰাকী হৈছে।
আনহাতে এই গৰু চোৰ চক্ৰৰ সৈতে বিভিন্ন জিলাৰ নেটৱৰ্ক আছে যাৰ জৰিয়তে মেঘালয় বাংলাদেশলৈ গৰু সৰবৰাহ কৰি অহাৰ তথ্য আছে। আনকি মৰিগাঁও জিলাত যি গৰু চোৰ চক্ৰ সক্ৰিয় হৈ আছে তেওঁলোকৰ কেবাজনে মৰিগাঁও চহৰ আৰু পাৰ্চৱৰ্তী এলেকাত বৃহৎ ভূমি ক্ৰয় কৰিছে যদিও উপাৰ্জনৰ উৎস এক ৰহস্য হৈ আছে। তদুপৰি মৰিগাঁও ৰ সংবাদ মাধ্যম ৰ দুই এক সাংবাদিকো এই গৰু চোৰ চক্ৰৰ সৈতে জৰিত থকাৰ অভিযোগো বিভিন্ন সময়ত উত্থাপন হৈ আহিছে।